ETV Bharat / state

পলাশবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Nov 2, 2020, 9:25 PM IST

পলাশবাৰীত ৰাইজৰ প্ৰতিবাদ ৷ পঞ্চায়ত সভাপতি আৰু ৱাৰ্ড সদস্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে ৷ শীঘ্ৰে শাস্তিৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে ৷

Rise protest against Palashbari panchayat representative
পলাশবাৰীত পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

পলাশবাৰী, 2 নৱেম্বৰ : পলাশবাৰীৰ 110 নং হাৰোপাৰা গাঁও পঞ্চায়তত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সভাপতি অসীম মহন্ত, ৱাৰ্ড সদস্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে । অভিযোগ অনুসৰি, নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান নিৰ্বাচনী টোপ দিয়াৰ লক্ষ্যৰে সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ইখনৰ-পিচত সিখন চৰকাৰী অভিলাষী আঁচনি ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে । কিন্তু এই অভিলাষী আঁচনিৰ প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনত ব্যাপক খেলি-মেলি তথা দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰাজ্যৰ অন্য জিলাৰ লগতে পলাশবাৰী বিধানসভা সমষ্টিৰ 110 নং হাৰোপাৰা গাঁও পঞ্চায়তৰ চৌহদত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । অৰুণোদয়, চৰকাৰী আৱাস গৃহ আদিৰ পৰা প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়তখনৰ সভাপতি অসীম মহন্তৰ বিৰুদ্ধে স্থানীয় ৰাইজ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰাইজৰ অভিযোগ, অসীম মহন্তই ৱাৰ্ড সদস্যৰ সৈতে মিলি নিজৰ আত্মীয়-কুটুম্বৰ লগতে দলীয় নেতাকৰ্মীক চৰকাৰী সকলো সা-সুবিধা প্ৰদান কৰি আহিছে ৷ আনকি, কিছু লোকক ধনৰ বিনিময়ত অৰুণোদয়, চৰকাৰী আৱাস গৃহ সমূহও প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে । গাঁওবাসীয়ে শীঘ্ৰে বিষয় সন্দৰ্ভত উচিত তদন্ত বিচাৰি দোষীক শাস্তিৰ দাবী জনাইছে ৷

লগতে পঢ়ক : তেজপুৰত মডেল হাইস্কুলৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.