ETV Bharat / state

বকোৰ চিৰসেউজ লাম্পীত প্ৰশাসনৰ 'সম্পৰ্ক' শীৰ্ষক পৰ্যালোচনা সভা

অসমৰ চিৰসেউজ লাম্পীক লৈ বহু সময়ত সৃষ্টি হৈ আহিছে বহু বিতৰ্কৰ । বৃহত্তৰ লাম্পীৰ ভূ-খণ্ড মেঘালয়ৰ বুলি দাবী কৰাৰ বাবেই বহু সময়ত লাম্পীত সংঘটিত হৈছে অপ্ৰীতিকৰ ঘটনাৰ । শেহতীয়াভাৱে লাম্পীৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰিছে চৰকাৰ-প্ৰশাসনে । শুকুৰবাৰে লাম্পীত উপস্থিত হয় অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ বিষয়া-কৰ্মচাৰী ।

author img

By

Published : Jun 27, 2021, 10:34 AM IST

বকোৰ চিৰসেউজ লাম্পীত প্ৰশাসনৰ 'সম্পৰ্ক' শীৰ্ষক পৰ্যালোচনা সভা
বকোৰ চিৰসেউজ লাম্পীত প্ৰশাসনৰ 'সম্পৰ্ক' শীৰ্ষক পৰ্যালোচনা সভা

বকো, 27 জুন : অসমৰ ভূমিত চুবুৰীয়া ৰাজ্য মেঘালয়ে বিভিন্ন সময়ত বিভিন্ন কৌশলেৰে নাগৰিকক প্ৰভাম্বিত কৰাৰ চক্ৰান্ত চলাই অহাৰ কথা নতুন নহয় । বিশেষকৈ অসমৰ ভূমিত উন্নয়নমূলক কাম-কাজেৰে নাগৰিকক প্ৰলোভিত কৰি অহাৰ বিপৰীতে অসমে সীমান্তৱৰ্তী লাম্পীক লৈ প্ৰদান কৰা নাছিল বিশেষ গুৰুত্ব । শেহতীয়াভাৱে শুকুৰবাৰে লাম্পীত উপস্থিত হয় অসম চৰকাৰৰ প্ৰতিটো বিভাগৰ প্ৰতিনিধি ।

লাম্পীৰ উন্নয়ন স্বাৰ্থত স্থানীয় নাগৰিকৰ সৈতে লোৱাৰ লাম্পীত অনুষ্ঠিত কৰা হয় 'সম্পৰ্ক' শীৰ্ষক পৰ্যালোচনা সভা । প্ৰতিটো বিভাগৰ আঁচনি, নাগৰিকৰ অধিকাৰ সন্দৰ্ভটো আলোচনা কৰা হয় । বাট-পথ, শিক্ষা, স্বাস্থ্য, যোগাযোগ আদিকে ধৰি প্ৰতিটো দিশ আলোচনা কৰা হয় পৰ্যালোচনা সভাখনত । এই সভাতে গুৰুত্ব পায় বকোৰ সীমান্তৱৰ্তী চিৰসেউজ লাম্পীৰ পৰ্যটনৰ দিশটোৱে ।

লাম্পীত শুকুৰবাৰে আয়োজিত 'সম্পৰ্ক' আলোচনাত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰী বিষয়া ৰঞ্জিত কোঁৱৰ, বকো খণ্ড উন্নয়ন বিষয়া ছফিকুল ইছলাম, বকো চক্ৰ বিষয়া ৰাজ বৰুৱা, কামৰূপ জিলাৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠককে ধৰি প্ৰতিটো বিভাগৰ প্ৰতিনিধি উপস্থিত থাকে ।

আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি এই সভাতে আলোচনা কৰে ৷ এনেদৰে ৰাজ্যখনৰ বিভিন্ন সীমান্তত চুবুৰীয়া ৰাজ্যকেইখনে আগ্ৰাসন কৰি আহিছে ৷ শেহতীয়াকৈ মৰিয়নিত নগা দুৰ্বৃত্তই আগ্ৰাসন কৰাৰ কথা সকলোৱে জ্ঞাত ৷ আনহাতে, মনিপুৰৰ একাংশ দুৰ্বৃত্তই বৰাক উপত্যাকাৰ কৰিমগঞ্জ জিলাত অসমৰ ভূমি দখল কৰি বিদ্যালয়, চাহ বাগিছা ধ্বংস কৰি আহিছে ৷ তাৰপাচতো ৰাজ্য চৰকাৰে এই সমূহ সমস্যা সামাধনৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ নামৰূপ সাৰ কাৰখানাৰ সম্মুখত 15 বছৰীয়া প্ৰৱঞ্চনা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.