ETV Bharat / state

বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ

author img

By

Published : Jul 15, 2020, 1:44 PM IST

দুৰ্যোগৰ সময়ত বন্যাৰ্তৰ কাষত থিয় দিছে আছু ৷ আশ্ৰয় শিবিৰৰ প্ৰায় ২৫০ টা পৰিয়ালক সাহায্য প্ৰদান কৰে আছুৱে।

relife-distibutaion-aasu-at-rangia-flood-affacted-pepole
বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য্য বিতৰণ

ৰঙিয়া,15জুলাইঃ সমগ্ৰ ৰাজ্যতে বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে ৰঙিয়াতো অবৰ্ণনীয় বান পৰিস্থিতিৰ মাজত জৰুলা হৈ পৰিছে বানাক্ৰান্ত ৰাইজ । বেছিভাগ অস্থায়ী আশ্ৰয় শিবিৰতেই নাই জীৱন ধাৰণৰ বাবে প্ৰয়োজন হোৱা মৌলিক উপাদান সমূহ । এনে দুৰ্যোগৰ সময়ত বন্যাৰ্তৰ কাষত থিয় দিছে আছু। বানত ককবকাই থকা দৰিদ্ৰ পৰিয়ালৰ লোকসকলক সামান্য পৰিমাণে সাহাৰ্য আগবঢ়াই সকাহ দিবলৈ চেষ্টা আছুৰ।

বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য্য বিতৰণ

গড়ভিতৰ বালাগাঁৱ, হাচানটুক অঞ্চলৰ আশ্ৰয় শিবিৰৰ প্ৰায় ২৫০ টা পৰিয়ালক সাহায্য প্ৰদান কৰে আছুৱে । আছুৰ এই পদক্ষেপক শলাগ লৈছে বানাক্ৰান্তই । আছুই বিতৰণস্থলীৰ পৰাই বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য, পশুখাদ্য যোগান ধৰা, বানত সৰ্বস্বান্ত হোৱা পৰিয়ালক গৃহ নির্মাণৰ সাহায্য প্ৰদান আৰু অসমৰ বান গৰাখহীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনাই চৰকাৰক । লগতে পুঠিমাৰী নদীৰ ভগ্ন মাথাউৰী সমূহ বাৰিষা নিৰ্মাণ নকৰি বিজ্ঞানসন্মতভাৱে খৰালি মাহত নিৰ্মাণ কৰি বানাক্ৰান্ত ৰাইজক সকাহ দিবলৈ দাবী জনায় আছুৱে। উল্লেখযোগ্য যে, পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে এইবাৰ পাঁচ ঠাইত মঠাউৰি চিঙি নিয়ে । মঠাউৰিটো সংকটজনক অৱস্থাত থকাৰ পিছতো জলসম্পদ বিভাগে মঠাউৰিটো মেৰামতি কৰা বা নতুনকৈ নিৰ্মাণৰ কোনো ব‍্যৱস্থা হাতত নললে । যাৰ বাবে অৰ্কমান্য জলসম্পদ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে আছুৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে ।

লগতে পঢ়কঃ বিধ্বস্ত পথঃ ভূই ৰুই প্ৰতিবাদ গাঁওবাসীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.