ETV Bharat / state

বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান বিধায়ক ৰেকিবুদ্দিন আহমেদৰ - ৰেকিবুদ্দিন আহমেদ

ছয়গাঁৱৰ দুই শতাধিক বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান কৰিলে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ৷ মঙলবাৰে ছয়গাঁৱৰ 21 টা বেণ্ডপাৰ্টীৰ শিল্পীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷

MLA Rekibuddin Ahmed
বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান বিধায়ক ৰেকিবুদ্দিন আহমেদৰ
author img

By

Published : Jun 15, 2021, 9:59 PM IST

ছয়গাঁও, 15 জুন : ছয়গাঁৱৰ দুই শতাধিক বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান কৰিলে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed) ৷ মঙলবাৰে ছয়গাঁৱৰ 21 টা বেণ্ডপাৰ্টীৰ শিল্পীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে বিধায়ক গৰাকীয়ে ৷ এই খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত চক্ৰ বিষয়া জয়ন্ত বৰাৰ লগতে ৰাণীৰ চি আৰ পি এফ বাহিনীৰ কমাণ্ডেট দিলীপ চন্দ্ৰ শৰ্মা উপস্থিত থাকে ৷

বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান বিধায়ক ৰেকিবুদ্দিন আহমেদৰ

উল্লেখ্য যে, ক'ভিড (Covid 19) মৰামাৰীৰ পৰিপেক্ষিতত চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা আংশিক লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছে বেণ্ডপাৰ্টীৰ শিল্পীসকলৰ জীৱন-জীৱিকা ৷ যাৰ ফলত অনিশ্চয়তাৰ মাজত ক্ষণ গণিবলগীয়া হৈছে বেণ্ডপাৰ্টীৰ শিল্পী সকলে ৷

এই অনুষ্ঠানৰ পাচতে বিধায়ক ৰেকিবুদ্দিন আহমেদে (Rekibuddin Ahmed আত্মসন্তুষ্টি প্ৰকাশ কৰি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে ৷ তেওঁ কয়, লক ডাউনৰ সময়ত বৃহৎ লোকচানৰ সন্মুখীন হোৱা শিল্লীৰ সকলক কিছু সাহাৰ্য প্ৰদান কৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ আজি 190 জন বেণ্ডপাৰ্টীৰ শিল্পীক সাহাৰ্য প্ৰদান কৰা হয় ৷ আগন্তুক সময়ত লক ডাউনৰ বাবে বৃহৎ লোকচানৰ লোক সকলকো সাহাৰ্য প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক: এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.