ETV Bharat / state

TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ? - BTR TET

বিটিআৰৰ টেট (TET) পৰীক্ষাত নিৰ্বাচিত হোৱা শিক্ষকসকলৰ নিযুক্তি(TET Teachar appoinment) সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)ৰ প্ৰতিক্ৰিয়া ৷ চি টেটৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে বৰ্তমান বিটিআৰৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে নিষেধাজ্ঞা ৷

Reaction of BTR Chief Pramod Bodo about TET Teachar appoinment assam etv bharat news
TET Teachar appoinment
author img

By

Published : Nov 13, 2021, 1:21 PM IST

ৰঙিয়া, 13 নৱেম্বৰ : শেহতীয়াকৈ ভিন্ন কাৰ্যসূচীৰে ৰঙিয়া ভ্ৰমণলৈ আহিছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো (BTR Chief Pramod Bodo) ৷ অন্যান্য বহু গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে বিটিআৰ (BTR)ত টেট শিক্ষক নিযুক্তি সন্দৰ্ভতো বড়োৱে মন্তব্য প্ৰকাশ কৰিছিল ৷ উল্লেখ্য যে, শেহতীয়াকৈ বিটিআৰৰ টেট পৰীক্ষাত নিৰ্বাচিত হোৱা শিক্ষকসকলৰ নিযুক্তি সম্প্ৰতি স্থগিত হৈ আছে ৷

এই সন্দৰ্ভত বিটিআৰ প্ৰধানগৰাকী (BTR Chief Pramod Bodo)ক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে, এইসকল শিক্ষকক সংস্থাপন দিয়াৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰে আলোচনা অব্যাহত আছে ৷ বিষয়টো সন্দৰ্ভত কোনো মীমাংসা লাভ কৰাৰ পিছত পুনৰ বিশেষ সাক্ষাৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষকসকলক নিযুক্তি প্ৰদান কৰা হ’ব ৷

টেট শিক্ষক নিযুক্তিৰ সন্দৰ্ভত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া

বড়োৱে জানিবলৈ দিয়া অনুসৰি, প্ৰকৃততে চি টেট(C TET)ৰ প্ৰাৰ্থীসকলে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে বিষয়টোত জটিলতা আহে ৷ আদালতে প্ৰদান কৰা নিৰ্দেশ অনুসৰিয়েই বৰ্তমান বিটিআৰৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ৷ বিগত সাত বছৰৰ পৰা মাহেকত 8,000 টকাকৈ দৰমহা লৈ কাম কৰি থকা শিক্ষকসকলে বৰ্তমান বঞ্ছিত হৈ আছে প্ৰাপ্য লাভৰ পৰা ৷ সেই অনুসৰি, ১৪ মাহৰ পৰা দৰমহা লাভ কৰা নাই উক্ত শিক্ষকসকলে ৷

উল্লেখযোগ্য যে, ২০১৩ চনত টেট উত্তীৰ্ণ হোৱা প্ৰায় 3300 গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক ২০১৫ চনৰ বিটিআৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন প্ৰদান কৰা হৈছিল নিযুক্তি পত্ৰ ৷ এই পত্ৰ প্ৰদান কৰিছিল সেই সময়ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী(Hagrama Mahilary)য়ে ৷ যাৰ ভিতৰত ৩৯০ গৰাকীয়ে বৰ্তমান বিটিআৰ(BTR)ত কৰ্মৰত হৈ আছে ৷

প্ৰথমাৱস্থাত এইসকল শিক্ষক-শিক্ষয়িত্ৰীক ছমহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিয়োগ কৰা হৈছিল চাকৰিত ৷ পৰৱৰ্তী সময়ত প্ৰতি ছয় মাহৰ মূৰে মূৰে বঢ়াই দিয়া হৈছিল চাকৰিৰ সময়সীমা ৷ কিন্তু আগষ্ট মাহৰ পিছত পুনৰ এই সময় সীমা বঢ়াই নিদিয়াৰ বাবে সম্প্ৰতি অনিশ্চয়তাত ভূগিবলগীয়া হৈছে শিক্ষকসকলে ৷

লগতে চাওক: উঠাই লোৱা হ’ব বিশেষ ৰে’ল; স্বাভাৱিক কৰা হ’ব ভাড়া : Ashwini Vaishnaw

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.