ৰঙিয়া, 23 ছেপ্টেম্বৰঃ সময়ে সময়ে ৰাজ্যৰ বিভিন্ন আঞ্চলে উদঙাই দিছে উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷ স্বাধীনতাৰ ৭২ বছৰ পিছতো দলং নোহোৱাকৈয়ে যাতায়াত চলাইছে এটা বৃহৎ অঞ্চলে ৷ আজিকোপতি ৰঙিয়াৰ লাহাপাৰা আৰু তুলসীবাৰী জয়ন্তীপূৰ সংযোগী বৰলীয়া নৈৰ ওপৰত নিৰ্মাণ হোৱা নাই এখন দলং৷ যাৰ বাবে নৈৰ দুয়ো পাৰৰ ৰাইজে নাৱেৰেই পাৰ হৈ আহিছে নৈখন ৷
খৰালি নদীত পানী কম থকা সময়ত বাঁহৰ এখন দুৰ্বল সাঁকোৰে অহা যোৱা কৰে ৰাইজে ৷ ইয়াৰ বাবদ প্ৰতিগৰাকী লোকে ৫ টকা,চাইকেলৰ বাবদ ১০ টকা আৰু বাইকৰ বাবদ ২০ টকা পৰ্যন্ত আদায় দিবলগা হয় ৷ ধন ভৰি এই দুৰ্বল সাঁকোৰে বিপজ্জনকভাৱে যাতায়ত কৰি অতিষ্ঠ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় শতাধিক গাঁৱৰ সহস্ৰাধিক ৰাইজ ৷ কিন্তু বাৰিষাৰ ধলে সাঁকোখন নৈয়ে উটুৱাই নিলে ৰাইজ পুনৰ নাৱৰ ওপৰতেই নিৰ্ভৰশীল হ'ব লগীয়া হয় ৷
ছমাহ পূৰ্বে ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই মহাবীৰ লাচিত চিলাৰায় সেঁতু আঁচনিৰ অধীনত পকী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও,ছমাহ পাৰ হৈ যোৱাৰ পিছতো আৰম্ভ নহ'ল দলং নিৰ্মাণৰ কাম ৷ এইপৰ্যন্ত শাসনাধীন কোনো এখন চৰকাৰেই পকী দলং নিৰ্মাণত গুৰুত্ব নিদিলে ৷ যাৰবাবে এতিয়া জীয়াতু ভুগিবলগা হৈছে দুখন গাঁৱৰ শতাধিক ৰাইজে ৷