ETV Bharat / state

ৰঙিয়াৰ বিদ্যালয়ত মহকুমাধিপতিৰ ছাডেন ভিজিট - মুনীন্দ্ৰ বৰদলৈ

ৰঙিয়াৰ ২৪ নং মুৰাৰা প্ৰাথমিক বিদ্যালয়ত মহকুমাধিপতিৰ তাৎক্ষণিক পৰিদৰ্শন ৷ বিদ্যালয়খনত মধ্যাহ্ন ভোজনত খেলিমেলিৰ অভিযোগ

বিদ্যালয়ত ৰঙিয়া মহকুমাধিপতিৰ ছাডেন ভিজিট
author img

By

Published : Sep 7, 2019, 6:44 PM IST

ৰঙিয়া, 7 চেপ্তেম্বৰ : ৰঙিয়াৰ ২৪ নং মুৰাৰা প্ৰাথমিক বিদ্যালয়ত শনিবাৰে তাৎক্ষণিকভাৱে পৰিদৰ্শন কৰে ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে । বহুদিনৰ পৰা ৰাইজে দিয়া অভিযোগৰ বিষয়ে অনুসন্ধান কৰিবলৈ মহকুমাধিপতি গৰাকী বিদ্যালয়খনত উপস্থিত হয় । অভিযোগ অনুসৰি যোৱা এমাহ ধৰি বিদ্যালয়খনৰ মধ্যাহ্ন ভোজন বিতৰণত খেলিমেলি হৈ আছিল । এই অভিযোগৰ অনুসন্ধানত মহকুমাধিপতিয়ে বিদ্যালয়খন তলা লগোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । নিয়ম অনুসৰি শনিবাৰে 12.30 বজালৈ বিদ্যালয় খোলা ৰাখিব লাগে যদিও 11 বজাতেই বিদ্যালয় বন্ধ কৰা হৈছিল। তাৰ পিছত তলা খুলি ভিতৰলৈ গৈ তেখেতে মধ্যাহ্ন ভোজনৰ চাউল ব্যৱহাৰ নোহোৱাকৈ পৰি থকা প্ৰত্যক্ষ কৰে । এই অনিয়ম সমুহৰ বিৰুদ্ধে যথাযথ ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

Intro:ৰঙিয়াত মহকুমাধিপতীৰ ছাডেন ভিজিটBody:ৰঙিয়াৰ ২৪ নং মুৰাৰা প্ৰাথমিক বিদ্যালয়ত আজি ছাডেন ভিজিট দিয়ে ৰঙিয়াৰ মহকুমাধিপতী মুনীন্দ্ৰ বৰদলৈয়ে। বহুদিনৰ পৰা ৰাইজে দিয়া অভিযোগৰ বিষয়ে অনুসন্ধান কৰিবলৈ মহকুমাধিপতী গৰাকী বিদ‍্যালয় খনত উপষ্ঠিত হয়। অভিযোগ অনুসৰি যোৱা এমাহ ধৰি বিদ‍্যালয় খনৰ মধ‍্যাহ্ন ভোজন বিতৰণত খেলিমেলি হৈ আছিল। এই অভিযোগটোৰ অনুসন্ধানত আহি মহকুমাধিপতীয়ে বিদ্যালয় খন তালা লগোৱা অৱস্থাত প্ৰত‍্যক্ষ কৰে। নিয়ম অনুসৰি শনিবাৰে ১২.৩০ বজালৈ বিদ্যালয় খোলা ৰাখিব লাগে যদিও ১১.০০ বজাতেই বিদ‍্যালয় বন্ধ কৰা হৈছিল। তাৰ পিছত তালা খুলি ভিতৰলৈ গৈ তেখেতে মধ‍্যাহ্ন ভোজনৰ চাউল ব‍্যৱহাৰ নোহোৱাকৈ পৰি থকা প্ৰত‍্যক্ষ কৰে। এই অনিয়ম সমুহৰ বিৰুদ্ধে যথাযথ ব‍্যৱস্থা লোৱা হ'ব বুলি তেওঁ আমাক জানিবলৈ দিয়ে। আনহাতে তেওঁ বিদ্যালয় খনৰ আন্তঃগাঠনিৰ বাবে নতুনকৈ বনাই থকা প্ৰস্বাবগাৰটোও পৰিদৰ্শন কৰে। চাৰিলাখ টকা আবণ্টিত হোৱা প্ৰস্বাবগাৰটো নিৰ্মাণত হোৱা অনিয়মৰ বিষয়েও তেখেতে অনুসন্ধান চলাই আৰু বিহিত ব‍্যৱস্থা লব বুলি দোহাৰে।
Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.