ETV Bharat / state

ৰঙিয়াৰ সুন্ধিয়াত বিকল বিশুদ্ধ খোৱা পানীৰ অভিলাষী আঁচনি - ৰঙিয়াৰ সুন্ধিয়া

১০ বছৰ পূৰ্বেই ৰঙিয়াৰ সুন্ধিয়াত বিশুদ্ধ খোৱা পানীৰ বাবে অভিলাষী আঁচনি প্ৰদান কৰা হৈছিল যদিও,বৰ্তমান বিশুদ্ধ খোৱাপানীৰ সংকটত ভুগিব লগীয়া হৈছে স্থানীয় লোক ৷ বিশুদ্ধ পানীৰ নামত ইয়াৰ মেৰামতি আৰু নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে লুন্ঠন চলাই অহাৰ অভিযোগ ৰাইজৰ ৷

খোৱা পানীৰ অভিলাষী আঁচনি
খোৱা পানীৰ অভিলাষী আঁচনি
author img

By

Published : Mar 3, 2020, 8:55 AM IST

ৰঙিয়া, 3 মাৰ্চঃ ৰঙিয়াৰ সুন্ধিয়াত বিশুদ্ধ খোৱা পানীৰ বাবে বহু অভিলাষী আঁচনি আছে যদিও নাই বিশুদ্ধ পানী ৷ প্ৰায় ১০ বছৰ পূৰ্বে নিৰ্মাণ হৈছিল সুন্ধিয়াৰ পানী যোগান আঁচনি ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ কেইবা বছৰ ধৰি এই আঁচনিৰ পৰা ৰাইজক এটুপিও বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিব পৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগে ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কেইবছৰমানলৈ পানী যোগান ধৰিছিল যদিও পিচলৈ বিকল হৈ পৰে এই আঁচনিখন ৷ অভিযোগ অনুসৰি বছৰে বছৰে মেৰামতিৰ বাবে ধন আহে যদিও সেই ধন সোমায় গৈ ঠিকাদাৰ আৰু বিষয়াৰ জেপত ৷

ৰঙিয়াৰ সুন্ধিয়াত বিকল বিশুদ্ধ খোৱা পানীৰ অভিলাষী আঁচনি

ৰাইজে বিশুদ্ধ পানীৰ নামত ইয়াৰ মেৰামতি আৰু নিৰ্মাণৰ বাবে বিভাগটোৰ বিষয়া,কৰ্মচাৰী আৰু ঠিকাদাৰে চলাই আহিছে লুন্ঠন ৷ যাৰ বাবে অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে অত্যাধিক আইৰণযুক্ত অপৰিষ্কাৰ পানী সেৱন কৰি বিভিন্ন ৰোগত আক্রান্ত হৈছে ৷ ৰাইজে শীঘ্ৰে এই পানী যোগান আঁচনিটো পুনৰ কাৰ্যক্ষম কৰাৰ বাবে দাবী জনাইছে কৰ্তৃপক্ষ ৷

লগতে পঢ়কঃ হাগ্ৰামাৰ মডেল বিটিচিত ৰাইজে খায় নিজৰাৰ পানী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.