ৰঙিয়া,১৫ অক্টোবৰ : ৰঙিয়াৰ খন্দিগড়ত কিশোৰী নিৰুদ্দেশ। চাৰিদিন ধৰি নিৰুদ্দেশ দুগৰাকী কিশোৰী। কিশোৰী দুগৰাকী আকবৰ আলীৰ জীয়ৰী মঞ্জুৱাৰা বেগম আৰু ইলাহী বক্সৰ জীয়ৰী জাহানাৰা বেগম।
ঘটনা অনুসৰি,কিশোৰী দুগৰাকীয়ে শনিবাৰে দিনৰ প্ৰায় 10 বজাত কাপোৰ চিলাই কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। কাপোৰ চিলাই কৰাৰ পাছত সম্পৰ্কীয় কোনো লোকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ কথাও কৈছিল ঘৰত। ইয়াৰ পাছতে কিশোৰী দুগৰাকী যেতিয়া এদিন পাৰ হৈ যোৱাৰ পাছতো ঘৰলৈ উভতি নাহিল,তেতিয়া কিশোৰী দুগৰাকীৰ পৰিয়াল চিন্তিত হৈ পৰে। বহু ঠাইত কিশোৰী দুগৰাকীক বিচাৰে যদিও কোনো শুংসূত্ৰ নাপাই কাউৰবাহা আৰক্ষী চকীত কিশোৰী দুগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে,কিশোৰী দুগৰাকী নিৰুদ্দেশ হোৱা চাৰিদিন পাৰ হৈ যায় যদিও বৰ্তমানেও আৰক্ষীয়ে কোনো অনুসন্ধান উলিয়াব পৰা নাই কিশোৰীদুগৰাকীৰ। পৰিয়ালৰ লোকৰ সন্দেহ কোনো দুষ্ট চক্ৰৰ কবলত পৰিছে কিশোৰীদুগৰাকী।