ETV Bharat / state

ৰঙিয়াত এপ'ল কৰ্মচাৰীৰ প্ৰতিবাদ - ৰাজ্য চৰকাৰ

বিগত চাৰি বছৰ ধৰি বন্ধ হৈ আছে এপ'ল মিল । চাৰি বছৰে দৰমহা নাপাই মিলটোৰ ৬ শতাধিক কৰ্মচাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে । এপ'ল পুনৰুজ্জীৱিত কৰাৰ দাবীত মিলটোৰ কৰ্মচাৰী আৰু আছুৰ লগতে স্থানীয় ৰাইজে ধাৰাবাহিক আন্দোলন-প্ৰতিবাদ কৰি আহিছে।

rangia-protest
ৰঙিয়াত এপ'ল কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Oct 12, 2020, 4:54 PM IST

ৰঙিয়া,12 অক্টোবৰ : এপ'ল মিলক পুনৰুজ্জীৱিতকৰণ অথবা কৰ্মচাৰীসকলক ভিআৰএছ প্ৰদান কৰাৰ দাবীত ৰঙিয়াৰ গড়কাপ্তানী বিভাগৰ পৰিদৰ্শন বঙলাৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে এপ'লৰ কৰ্মচাৰী আৰু আছুৱে ৷ মিলটো পুনৰুজ্জীৱিত কৰাৰ দাবীত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

rangia-protest
ৰঙিয়াত এপ'ল কৰ্মচাৰীৰ প্ৰতিবাদ

উল্লেখ্য যে,বিগত চাৰি বছৰ ধৰি বন্ধ হৈ আছে এপ'ল মিল। চাৰি বছৰে দৰমহা নাপাই মিলটোৰ ৬ শতাধিক কৰ্মচাৰীৰ অৱস্থা শোচনীয় হৈ পৰিছে । এপ'ল পুনৰুজ্জীৱিত কৰাৰ দাবীত মিলটোৰ কৰ্মচাৰী আৰু আছুৰ লগতে স্থানীয় ৰাইজে ধাৰাবাহিক আন্দোলন-প্ৰতিবাদ কৰি আহিছে। ইয়াৰে অংশ হিচাপে সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে বহুবাৰ মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো কোনোধৰণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ নকৰাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। লগতে প্ৰতিবাদকাৰী সকলে মিলটো অতি শীঘ্ৰে কাৰ্যক্ষম অথবা ভিআৰ‌এছ প্ৰদান নকৰিলে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

লগতে পঢ়ক: দেৰগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.