ETV Bharat / state

Rangia child kidnaping: অপহৃত কন্যাক কাষত পাই আৱেগিক পিতৃ

author img

By

Published : Jul 21, 2022, 8:07 PM IST

‘‘মোৰ ছোৱালীক ঘূৰাই পাই মই বহুত সুখী ৷ মই ৰঙিয়া আৰক্ষীক ধন্যবাদ জনাইছো’’ ৷ উদ্ধাৰ হোৱা অপহৃত ৰঙিয়াৰ ৰিম্পী দাস সন্দৰ্ভত এই মন্তব্য কৰে ৰিম্পীৰ আত্মীয়ই ৷ কেৱল ৰিম্পীয়েই নহয়, ৰিম্পীৰ অপহৰণ কাণ্ডৰ লগত জড়িত অভিযুক্ত মামণি বেগম ওৰফে মামণি দাসক আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে (Rangia Child Kidnap update) ৷

ৰঙিয়াৰ পৰা অপহৃত কন্যা হাউলিত উদ্ধাৰ
ৰঙিয়াৰ পৰা অপহৃত কন্যা হাউলিত উদ্ধাৰ

ৰঙিয়া, 21 জুলাই : ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । ৰঙিয়া আৰক্ষীয়ে অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুধবাৰে ৰঙিয়াৰ কানিকুছিৰ পৰা অপহৃত হোৱা 9 বছৰীয়া ৰিম্পী দাসক ৷ লগতে আৰক্ষীয়ে আটক কৰে অভিযুক্ত মহিলাগৰাকীক (Kidnaper arrested in Hauly)৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, অভিযুক্ত মহিলাগৰাকীৰ ফোনৰ GPS লোকেচনৰ ট্ৰেক কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হয় উপহৃত কন্যাগৰাকীক ৷

উদ্ধাৰ হোৱা কন্যাগৰাকীৰ আত্মীয়ই উল্লেখ কৰা অনুসৰি, বুধবাৰে নিশা অপহৰণকাৰী মামণি বেগম ওৰফে মামণি দাসে ৰিম্পীৰ মুক্তিপণ বিচাৰি শিশুটিৰ নলবাৰীৰ মুগকুছিৰ মামীয়েকৰ সৈতে ফোনত যোগাযোগ কৰিছিল । তাৰ পিছত ৰঙিয়া আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত পুৱতি নিশাৰ পৰাই বৰপেটা জিলাৰ হাউলিত অভিযান চলাইছিল ৷

এই অভিযানৰ সময়ছোৱাতে আৰক্ষীয়ে বৰপেটাৰ হাউলিত মামণি নামৰ অভিযুক্ত অপহৰণকাৰী মহিলাগৰাকীক আটক কৰিবলৈ সক্ষম হয় (Rangia Child Kidnap update) ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে অপহৃত কন্যাগৰাকীকো ৷ তথ্য অনুসৰি, অভিযুক্ত মহিলাগৰাকীক অধিক তথ্যৰ বাবে হাউলি থানাত সোধপোছ কৰাৰ পিছত ৰঙিয়া থানালৈ স্থানান্তৰিত কৰা হয় ।

ৰঙিয়াৰ পৰা অপহৃত কন্যা হাউলিত উদ্ধাৰ

লগতে পঢ়ক : Rangia Child Kidnap: ৰঙিয়াত 9 বছৰীয়া কণমানি ৰহস্যজনৰ অপহৰণৰ ঘটনা

উল্লেখ্য যে, ৰিম্পীক অপহৰণ কৰি নিয়াৰ পাচত বুধবাৰে নিশা প্ৰায় 9:30 বজাৰ পৰা মামণি নামৰ অপহৰণকাৰী মহিলাগৰাকীয়ে ৰিম্পীৰ মামীয়েকক ফোন কৰি ধনৰ দাবী কৰিছিল । ৰিম্পীৰ মুক্তিৰ বাবদ দিব লগীয়া ধনখিনি এটা একাউণ্ট নম্বৰত জমা কৰিবলৈ কৈছিল ৷ অভিযুক্ত মহিলাগৰাকীয়ে, কেৱল বৃহস্পতিবাৰৰ দিনৰ এক বজালৈকে সময় সীমা বান্ধি দিছিল ।

কিন্তু তেতিয়ালৈকে আৰক্ষীয়ে অভিযান চলাই অপহৃত কন্যাগৰাকীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী মামণি নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কেৱল ৰিম্পী দাসৰ অপহৰণ ঘটনাই নহয়, 2011 চনতো অভিযুক্ত এই মামণি দাস আন এটা অপহৰণ কাণ্ডত লগত জড়িত আছিল ৷

যাৰ অভিযোগত মামণি দাসক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে (Child kidnapped from Rangia rescued in Barpeta)৷ জেলৰ ভাত খায়ো শান্ত হোৱা নাছিল অভিযুক্ত মামণি ৷ পুনৰ পূৰ্বৰ পথতেই অৱলম্বন কৰিবলৈ আগবাঢ়িছিল অভিযুক্ত মামণিয়ে ৷ ইফালে ৰঙিয়াৰ অপহৰণ কাণ্ডত অভিযুক্ত মানণিৰ সৈতে তেওঁৰ স্বামীয়ো জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰঙিয়া আৰক্ষীয়ে । ইতিমধ্যে ৰঙিয়া থানাত অপহৰণকাৰী অভিযুক্ত মামণিক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : Kidnaper arrested in Hauly: আৰক্ষীৰ জালত ৰঙিয়াৰ শিশু অপহৰণকাৰী মামনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.