ETV Bharat / state

SDO Deepan Burman Attitude : মহকুমাধিপতি দ্বীপন বৰ্মনৰ Attitude ত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল - দ্বীপন বৰ্মনৰ শাস্তিমূলক বদলি

দ্বীপন বৰ্মনে আৰক্ষীক উদ্দেশ্যি প্ৰদান কৰিছিল অপমানসূচক মন্তব্য । সামাজিক মাধ্যমত সেই ভিডিঅ' সম্প্ৰচাৰ হোৱাৰ পিচতে জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল ৷

Derogatory comment on Assam police
দ্বীপন বৰ্মনৰ Attitude ত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 5:38 PM IST

দ্বীপন বৰ্মনৰ Attitude ত জাঙুৰ খাই উঠিছে ৰঙিয়াৰ সচেতন মহল

ৰঙিয়া, 31 অক্টোবৰ : ৰঙিয়াৰ প্ৰাক্তন বিধায়কৰ লগতে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহলে দ্বীপন বৰ্মনৰ শাস্তিমূলক বদলি বিচাৰিছে । দ্বীপন বৰ্মনে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ পিচতো ৰঙিয়াৰ সচেতন লোকক দুব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অভিযোগ মতে, ৰঙিয়া মহকুমা নিজ ময়মতালিৰে চলাব বিচাৰে দ্বীপন বৰ্মনে ।

অতি শীঘ্ৰে ৰঙিয়া চিৰাখুন্দিৰ পৰা ৰঙিয়া মহকুমাধিপতি কাৰ্যালয়কো ৰঙিয়াৰ তিনিআলিলৈ স্থানান্তৰিত কৰা হ’ব । কিন্তু তাৰ পিচতো নিজ ময়মতালিৰে লক্ষ লক্ষ টকা খৰচ কৰি চৰকাৰৰ ধন অপচয় কৰি মহকুমাধিপতিৰ কাৰ্যালয় মেৰামতি কৰাত ক্ষুব্ধ হৈ পৰিছে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা ।

ইফালে অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালীয়ে মহকুমাধিপতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, দ্বীপন বৰ্মনে নিজকে জাহিৰ কৰিবলৈ এনেকুৱা ধৰণৰ মন্তব্য কৰে । এয়া মানসিক ৰোগ, অতিশীঘ্ৰে মানসিক ৰোগৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লবলৈ আহ্বান জনায় ।

আনহাতে, ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সম্পাদক চুভিত কলিতাই মহকুমাধিপতি দ্বীপন বৰ্মনৰ Attitude সন্দৰ্ভত মন্তব্য কৰি কয় যে, মহকুমাধিপতি দ্বীপন বৰ্মনৰ Attitude এ তেখেতক ক্ষতি কৰিলে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ায় । লগতে ততাতৈয়াকৈ গৃহ বিভাগে মহকুমাধিপতি দ্বীপন বৰ্মনৰ PSO, গৃহৰক্ষীসহ 5 আৰক্ষী প্ৰত্যাহাৰ কৰাত অসম চৰকাৰৰ গৃহ বিভাগক ধন্যবাদ জ্ঞাপন কৰে ।

সোমবাৰে ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বিচৰা পৰীক্ষাৰ্থীসকলক সহায়ৰ হাত আগবঢ়োৱাৰ লক্ষ্যৰে প্ৰজেক্ট চুপাৰ ফিফটি শীৰ্ষক প্ৰকল্প ৰূপায়ণৰ উদ্যোগ গ্ৰহণ কৰা হৈছিল । সেই অনুষ্ঠানতে আৰক্ষী সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিচতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল ৰঙিয়াৰ মহকুমাধিপতিগৰাকী । তাৰ পিছতে ততাতৈয়াকৈ গৃহ বিভাগে মহকুমাধিপতিগৰাকীৰ দেহৰক্ষীৰ লগতে গৃহৰক্ষীসহ 5 আৰক্ষী প্ৰত্যাহাৰ কৰে ।

লগতে পঢ়ক : Derogatory comment on Assam police : ৰঙিয়া মহকুমাৰ মহকুমাধিপতি দ্বীপন বৰ্মনৰ দেহৰক্ষী প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.