ETV Bharat / state

ৰঙিয়াত সন্ধানহীন এগৰাকী ৫২ বছৰীয়া ব‍্যক্তি - RANGIA MAN MISSING CASE

ৰঙিয়া থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । আৰক্ষীয়েও কোনো সন্ধান উলিয়াব পৰা নাই নিৰূদ্দিষ্ট লোকজনৰ ৷ উপায়ন্তৰ হৈ আব্দুল কাদিৰৰ পত্নীয়ে অলিয়ে গলিয়ে বিভিন্ন ঠাইত বিচাৰি ফুৰিছে স্বামীক ।

ৰঙিয়াত সন্ধানহীন এগৰাকী ৫২ বছৰীয়া ব‍্যক্তি

author img

By

Published : Feb 26, 2020, 5:10 PM IST

ৰঙিয়া,26 ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ বনগাঁৱৰ পৰা সন্ধানহীন হৈছে এগৰাকী ব্যক্তি । সন্ধানহীন ব‍্যক্তি গৰাকীৰ নাম আব্দুল কাদিৰ। বিগত ছয় দিন ধৰি কোনো সন্ধান নাই আব্দুল কাদিৰ নামৰ 52 বছৰীয়া লোকজনৰ। পত্নী পুত্ৰই আব্দুল কাদিৰক বিচাৰি সকলোতে খবৰ কৰিছে যদিও এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

আৰক্ষীয়েও কোনো সন্ধান উলিয়াব পৰা নাই নিৰূদ্দিষ্ট আব্দুল কাদিৰৰ

ইফালে স্বামীৰ শোকত অসুস্থ হৈ পৰিছে আব্দুল কাদিৰৰ পত্নী । ৰঙিয়া থানাত ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিছে । আনহাতে আৰক্ষীয়েও কোনো সন্ধান উলিয়াব পৰা নাই নিৰূদ্দিষ্ট লোকজনৰ ৷ উপায়ন্তৰ হৈ আব্দুল কাদিৰৰ পত্নীয়ে অলিয়ে গলিয়ে বিভিন্ন ঠাইত বিচাৰি ফুৰিছে স্বামীক । উল্লেখ্য যে, আব্দুল কাদিৰ কেইবাটাও ৰোগত আক্ৰান্ত হৈ আছে । যদি কোনো লোকে আব্দুল কাদিৰৰ সম্ভেদ পাই তেনেহ'লে পৰিয়ালৰ সৈতে অথবা ৰঙিয়া থানাত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷

লগতে চাওকঃ

অধিক সেনা মোতায়নৰ বাবে কেন্দ্ৰক অনুৰোধ দিল্লী মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.