ETV Bharat / state

পত্নীক প্ৰহাৰ কৰিবলৈ গৈ ৰাইজৰ কিল খালে এজন লোকে !

author img

By

Published : Feb 7, 2020, 6:33 PM IST

Updated : Feb 7, 2020, 6:58 PM IST

ৰঙিয়াৰ জয়ন্তীপুৰত ভাড়াতীয়া হিচাপে থকা নৃপেন শীল নামৰ লোক এগৰাকীয়ে পত্নীক আক্ৰমণৰ চেষ্টা চলোৱাৰ বাবে, ঘৰৰ মালিক মদন চন্দ্ৰ কুমাৰসহ কেইবাগৰাকীও লোকে নৃপেন শীল নামৰ ব্যক্তিগৰাকীক আক্ৰমণ চলায় ৷

গুৰুতৰভাৱে আহত এজন লোক
গুৰুতৰভাৱে আহত এজন লোক

ৰঙিয়া, 7 ডিচেম্বৰঃ ৰঙিয়াৰ জয়ন্তীপুৰত স্বামীৰ আক্ৰমণত আহত পত্নীসহ পত্নীৰ ভগ্নী ৷ তথ্য অনুসৰি বাক্সাৰ নাগ্ৰীজুলীৰ নৃপেন শীল, ৰঙিয়াৰ জয়ন্তীপুৰৰ মদন চন্দ্ৰ কুমাৰৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল । ব্যক্তিগৰাকী আৰু পত্নীৰ মাজত কোনো কথাত কাজিয়াৰ সূত্ৰপাত হোৱাৰ ফলত, স্বামীয়ে পত্নীক দাৰে ঘপিয়াবলৈ চেষ্টা কৰে যদিও, কোনোমতে ব্যক্তিগৰাকীৰ পত্নী ৰক্ষা পৰে ৷

কেইবাগৰাকীও লোকৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক

এই ঘটনাৰ বাবে ব্যক্তিগৰাকীৰ ঘৰৰ মালিক মদন চন্দ্ৰ কুমাৰসহ কেইবাগৰাকীও লোকে, নৃপেন শীল নামৰ ব্যক্তিগৰাকীক উত্তম মাধ্যম শোধায় ৷ ইমানতে ক্ষান্ত নাথাকি হাতে-ভৰিয়ে লোহাৰ তাঁৰ, পঘাৰে বান্ধিও উপৰ্যুপৰি আক্ৰমণ চলায় লোকগৰাকীক ৷ ফলত গুৰুতৰভাৱে আহত হয় নৃপেন শীল নামৰ লোকজন ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ লোকজনক উদ্ধাৰ কৰে ৷

লগতে পঢ়ক ঃ মহিলাৰ সুৰক্ষাৰ বাবে বিশেষ হাতমোজা উদ্ভাৱন ধেমাজিৰ যুৱ বিজ্ঞানীৰ

Intro:ৰঙিয়াত মৰেল পুলিচৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত ব‍্যক্তিBody:ৰঙিয়াৰ জয়ন্তীপুৰত স্বামীৰ আক্ৰমণত আহত পত্নী সহ পত্নীৰ বায়েক । ঘটনা অনুসৰি বাক্সাৰ নাগ্ৰীজুলীৰ নৃপেন শীলে ৰঙিয়াৰ জয়ন্তীপুৰৰ মদন চন্দ্ৰ কুমাৰৰ ঘৰত ভাৰতীয় হিচাপে আছিল । আজি নৃপেন আৰু পত্নীৰ কোনো কথাত কাজিয়াৰ সূত্ৰপাত হয় । স্বামীয়ে খঙত অগ্নিশৰ্মা হৈ পত্নীক দাৰে ঘপিয়াবলৈ চেষ্টা চলায় । কিন্তু কোনোমতে ৰক্ষা পৰে পত্নীৰ । ইফালে ঘৰৰ মালিক মদন চন্দ্ৰ কুমাৰ সহ দুজনমানে উত্তম মাধ্যম শোধাই নৃপেনক ‌। ইমানতে ক্ষান্ত নাথাকি হাতে- ভৰি লোহাৰ টাৰ, পঘাৰে বান্ধিও উপৰ্যুপৰি আক্ৰমণ চলাই নৃপেনক । ফলত গুৰুতৰভাৱে আহত হয় নৃপেন । ঘৰৰ মালিক মদন চন্দ্ৰ কুমাৰ সহ দুজনমানে নিজে আইন হাতত তুলি পথৰ দাতিতে তালিবানী শাস্তি চলাই নৃপেনৰ ওপৰত । পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে নৃপেনক ।

BITE : (1) নৃপেনক আক্ৰমণ কৰা যুৱক (2) নৃপেনক আক্ৰমণ কৰা মদন চন্দ্ৰ কুমাৰConclusion:বন্দনা শৰ্মা, ৰঙিয়া
Last Updated : Feb 7, 2020, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.