ৰঙিয়া 22 এপ্ৰিল :আংশিকভাৱে লক ডাউন শিথিল কৰাৰ পিছত ৰঙিয়াৰ চৰকাৰী কাৰ্যালয়ত উপস্থিত কৰ্মচাৰীসকল ৷ লক ডাউনত বন্ধ হৈ থকা অফিচ কাছাৰী,দোকান,ব্যৱসায় আংশিকভাৱে খোলা দিয়াৰ পিছৰে পৰা সাধাৰণ জনজীৱন কিছু গতিশীল হৈ পৰিছে। ৰঙিয়াৰ প্ৰায় প্ৰতিটো চৰকাৰী কাৰ্যালয়তে কৰ্মচাৰী উপস্থিত হৈ কাম কাজ আংশিক ৰূপে আৰম্ভ কৰিছে।
ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰো কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে । ৩৩% কৰ্মচাৰীৰ উপস্থিতিৰে কাম চলি থকা কাৰ্যালয়ত বৰ্তমান সাধাৰণ জনতাৰ প্ৰৱেশ বন্ধ কৰা হৈছে যদিও কাৰ্যালয়ৰ লাগতিয়াল কাম কাজ চলি আছে ৷ কাৰ্যালয়টোত বৰ্তমান সাধাৰণ কাম কাজ বন্ধ হৈ আছে। কাৰ্যালয়ত প্ৰৱেশৰ পূৰ্বে হাত ধুই প্ৰৱেশ কৰাৰ লগতে কাৰ্যালয়টো ছেনিটাইজ কৰাৰ ব্যৱস্থাও কৰা হৈছে ৷
লগতে পঢক ঃশীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব মথাউৰি নিৰ্মাণৰ কাম