ETV Bharat / state

ৰঙিয়াত পথৰ দাঁতিত জাবৰৰ দম; কাণসাৰ নাই পৌৰসভাৰ - পৌৰসভা

ৰঙিয়া পৌৰসভাৰ সিদ্ধান্ততে ডাম্পিং গ্ৰাউডলৈ পৰিৱৰ্তন হৈছে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ ৷ পথৰ কাষতে গঢ়ি উঠিছে ৰঙিয়া নগৰৰ সমগ্ৰ আৱৰ্জনাৰ পাহাৰ সদৃশ দম ৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই কৰ্মকাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

ৰঙিয়াত পথৰ দাতিত জাবৰৰ দম; কাণসাৰ নাই পৌৰসভাৰ
author img

By

Published : Jun 23, 2019, 4:20 PM IST

ৰঙিয়া,23জুনঃ স্বচ্ছ ভাৰতৰ লক্ষ্যৰে দেশজুৰি আৰম্ভ হোৱা আন্দোলনৰ বিপক্ষে ৰঙিয়া পৌৰসভাৰ অবিবেচক কাণ্ড । ৰঙিয়া পৌৰসভাৰ সিদ্ধান্ততে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে গঢ়ি উঠিছে জাবৰৰ পাহাৰ । ৰঙিয়া নগৰৰ সমগ্ৰ আৱৰ্জনা সমূহ নোনা নৈৰ দলঙৰ সমীপত জমা কৰি ৰখা হয় । ফলত ডাম্পিং গ্ৰাউডলৈ ৰূপান্তৰ ঘটিছে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষ ৷ ইপিনে পথৰ দাঁতিৰ এই জাৱৰৰ দমে দূষিত কৰিছে অঞ্চলটোৰ পৰিবেশ । জাৱৰৰ দমৰ পৰা ওলোৱা উৎকট দুৰ্গন্ধই বৃহত্তৰ অঞ্চলটোত জনস্বাহ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে । লগতে পোহনীয়া জীৱ জন্তুবোৰে জাবৰৰ দমত থকা পেলনীয়া বস্তু ভক্ষণ কৰাৰ ফলত বহকেইটা পশুধনৰো অকাল মৃত্যু হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

ৰঙিয়াত পথৰ দাতিত জাবৰৰ দম; কাণসাৰ নাই পৌৰসভাৰ

উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে ৰঙিয়া পৌৰসভাৰ জাবৰ পেলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে যদিও বৰ্তমানলৈকে পৌৰসভাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । অতিশীঘ্ৰে স্থানীয় ৰাইজে ৰঙিয়া পৌৰসভাৰ অপৰিকল্পিত তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এই কৰ্মকাণ্ড বন্ধ কৰিবলৈ দাবী জনাইছে ।

Intro:জাবৰৰ দমে ভাবুকি কঢ়িয়াই আনিছে জনজীৱনলৈ।Body:স্বচ্ছ ভাৰতৰ লক্ষ্যৰে দেশজুৰি আৰম্ভ হোৱা আন্দোলনৰ বিপক্ষে ৰঙিয়া পৌৰসভাৰ অবিবেচক কাণ্ড । আমি ক'ব বিচাৰিছোঁ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰঙিয়া পৌৰসভাই বনোৱা জাবৰৰ পাহাৰ কথা। ৰঙিয়া নগৰৰ সমগ্ৰ আৱৰ্জনা নোনা নৈৰ দলঙৰ সমীপত পেলোৱা হয়। দিনে দিনে ডাঙৰ হৈ অহা জাৱৰৰ দমে অঞ্চলটোত পৰিবেশ দূষিত কৰি পেলাইছে । জাৱৰৰ দমৰ পৰা ওলোৱা উৎকট দুৰ্গন্ধই বৃহত্তৰ অঞ্চলটোত জনস্বাহ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। অঞ্চলটোত মহ আৰু মাখিৰ উপদ্ৰপ বৃদ্ধি পাইছে। লগতে পোহনীয়া জীৱ জন্তুবোৰে জাবৰৰ দমত থকা পেলনীয়া বস্তু খাই বাবে ইতিমধ্যে বহুখিনি পশুধনৰো ক্ষতি হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। সমীপৰ স্হানীয় গাওবাসীয়ে ৰঙিয়া পৌৰসভাৰ জাবৰ পেলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছে যদিও আজিলৈকে পৌৰসভাই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথৰে গলে নাকত সোপা দি পাৰ হব লাগে ছাত্র-ছাত্ৰী তথা জনসাধাৰণে। সততে স্বচ্ছতাৰ শ্লোগান দিয়া ৰঙিয়া পৌৰসভাৰ এনে অবিবেচক অস্বাস্হ্যকৰ কাণ্ডক ৰাইজে ধিক্কাৰ দিছে । অতি শীঘ্ৰে স্হানীয় ৰাইজে ৰঙিয়া পৌৰসভাৰ অপৰিকল্পিত কৰ্ম কাণ্ড তথা জনস্বাস্হ্যৰ প্ৰতি অহা ভাবুকি বন্ধ কৰিবলৈ দাবী জনাইছে ।
Byte : স্হানীয় লোক ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.