ৰঙিয়া, 23 আগষ্টঃ ৰঙিয়াত বৃদ্ধৰ দূৰৱস্থা ৷ পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ বলি হৈ ঘৰ ত্যাগ কৰে এজন দূৰ্ভগীয়া পিতৃয়ে ৷
পুত্ৰ বোৱাৰীৰ অত্যাচাৰত ঘৰ এৰিলে বৃদ্ধই - old man found under tree at rangiya
পুত্ৰৰ অত্যাচাৰৰ বলি হৈ ঘৰ ত্যাগ কৰা এজন দূৰ্ভগীয়া পিতৃ উদ্ধাৰ হ'ল ৰঙিয়াত৷ এডাল গছৰ তলত অৰ্ধচেতন অৱস্থাত উদ্ধাৰ লোকজন
পুত্ৰ বোৱাৰীৰ অত্যাচাৰত ঘৰ এৰিলে বৃদ্ধই
ৰঙিয়া, 23 আগষ্টঃ ৰঙিয়াত বৃদ্ধৰ দূৰৱস্থা ৷ পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ বলি হৈ ঘৰ ত্যাগ কৰে এজন দূৰ্ভগীয়া পিতৃয়ে ৷
Intro:পুত্ৰ বোৱাৰীৰ অত্যাচাৰৰ বলি হৈ ঘৰ এৰিলে বৃদ্ধইBody:পুত্ৰৰ অত্যাচাৰৰ বলি হৈ ঘৰ ত্যাগ কৰা এজন দুৰ্ভগীয়া পিতৃ উদ্ধাৰ হ'ল ৰঙিয়াত । এডাল গছৰ তলত অৰ্ধচেতন অৱস্থাত থকা বয়োজ্যেষ্ঠ লোকজনক উদ্ধাৰ কৰে ৰঙিয়াৰ এজন যুৱকে । লোক জনক উদ্ধাৰ কৰি গৰিয়া যুৱ ছাত্র পৰিষদৰ উপসভাপতি আজিজুৰ ৰহমানে চিকিৎসালয়লৈ লৈ যায় । প্ৰাথমিক চিকিৎসা কৰাৰ পিছত লোকজনক যোগান ধৰা হয় আহাৰৰো। গোৰেশ্বৰৰ নাওকাটা বৰফুলাম গাওৰ ধৰ্মেশ্বৰ নাথ নামৰ লোকজনে জানিবলৈ দিয়ামতে পুত্ৰৰ অত্যাচাৰৰ বলি হৈ তেওঁ এৰিব লগা হৈছে মৰমৰ ঘৰখন । কুলাঙ্গাৰ পুত্ৰ বলেন নাথে প্ৰতিদিনে টকা বিছাৰি মানসিক অত্যাচাৰ কৰাই নহয় ,শাৰীৰিক ভাবেও আক্ৰমণ কৰি আহিছে । এই ক্ষেত্ৰত পুত্ৰক উচতনি যোগাই আহিছে বোৱাৰীয়েকেও । কলংকিত পুত্ৰৰ অত্যাচাৰৰ বাবেই এমাহ পূৰ্বে ঘৰ এৰি অহা লোক জনক ৰঙিয়া থানালৈ নি নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে । ইফালে ছাত্ৰ নেতা জনৰ বদন্যতাক ৰাইজে প্ৰশংসা কৰিছে ।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা