ETV Bharat / state

ৰঙিয়াত বিদ্যুৎ চোৰ কৰিবলৈ উচতনি দিছে খোদ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে - rangia

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দিছে নতুন কিটিপ ৷ ৰঙিয়াৰ এজন লোকৰ ঘৰত বিজুলী সংযোগৰ বাবে বহু কাকুতি মিনতিৰ অন্তত হাকুটি লগাই বিদ্যুৎ সংযোগ কৰিবলৈ উচতাই খোদ বিভাগীয় কৰ্মচাৰীয়ে ৷

ৰঙিয়াত বিদ্যুৎ চোৰ কৰিবলৈ উচতনি দিছে খোদ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে
author img

By

Published : Jul 25, 2019, 9:01 PM IST

Updated : Jul 25, 2019, 10:46 PM IST

ৰঙিয়া,25জুলাইঃ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দিছে নতুন কিটিপ ৷ ৰঙিয়াৰ এজন লোকৰ ঘৰত বিজুলী সংযোগৰ বাবে বহু কাকুতি মিনতিৰ অন্তত হাকুটি লগাই বিদ্যুৎ সংযোগ কৰিবলৈ উচতাই খোদ বিভাগীয় কৰ্মচাৰীয়ে ৷ উল্লেখ্য যে ৰঙিয়াৰ হালিকুছিৰ মোহন কলিতা নামৰ লোকজনৰ এমাহ পূৰ্বে তেওঁৰ ঘৰলৈ বিদ্যুতৰ তাঁৰ কঢ়িওৱা খুঁটাটো ওভালি পৰাত বিভাগীয় কৰ্মচাৰীক জনায় যদিও বহু কাকুতি মিনতিৰ অন্তত বিভাগীয় কৰ্মচাৰী দুদিন আগত তেওঁৰ গৃহত উপস্থিত হয় ৷ ইপিনে মোহন কলিতাৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে আৰু কলিতাক সমস্যা সমাধানৰ এক অদ্ভুত উপায় দিয়ে । তেওঁলোকৰ কাষতে থকা আন এটা খুঁটাৰ পৰা হাকুটি লগাই মোহন কলিতাক বিদ্যুৎ চোৰ কৰিবলৈ উচতাই বিভাগৰ কৰ্মচাৰীয়ে।

ৰঙিয়াত বিদ্যুৎ চোৰ কৰিবলৈ উচতনি দিছে খোদ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে

আনহাতে মিটাৰ নোহোৱাকৈ বিল দিয়া, খুঁটাৰ পৰা বিপদজনক ভাৱে ওলমি থকা তাঁৰ ঠিক নকৰাকে আদি কৰি বিভিন্ন কাৰণত অতিষ্ঠ হৈ গাওঁবাসীয়ে বৃহস্পতিবাৰে শক্তি বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

Intro:বিদ‍্যুৎ চোৰ কৰিবলৈ উচতনি দিছে খোদ বিদ‍্যুৎ বিভাগৰ কৰ্মচাৰীয়েBody:ৰঙিয়াৰ এটা অতি ভিতৰুৱা অঞ্চল হালিকুছিৰ এজন দৰিদ্ৰ আৰু হোজা কৃষক মোহন কলিতা। এমাহ হ'ল তেওঁৰ ঘৰলৈ বিদ‍্যুতৰ তাঁৰ কঢ়িওৱা খুটাটো ওভালি পৰাৰ। বিদ‍্যুৎ বিতৰণৰ দায়িত্বত থকা ৰঙিয়াৰ নবোদয় ফিডাৰৰ ৰাজীৱ কলিতাক ফটো তুলি মোবাইলত দিয়াৰ পাছতো তেওঁ বিভিন্ন অজুহাত দেখুৱাই খুটাটো সোনকালে ঠিক কৰিব পৰা নাযাব বুলি কলিতাক জনাই দিয়ে। বিপদজ্জনক ভাৱে পৰি থকা খুটাটোৰ তাঁৰ সমুহো বিপদজনক ভাৱে তলেৰে ওলমি থকাত যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পৰা অৱস্থাত আছে। বহু কাকুতি মিনতিৰ অন্তত বিভাগীয় কৰ্মচাৰী দুদিন আগত উপষ্ঠিত হয় যদিও মোহন কলিতাৰ ঘৰৰ বিদ‍্যুৎ সংযোগ কৰ্তন কৰে আৰু কলিতাক সমস্যা সমাধানৰ এক অদ্ভুত উপায় দিয়ে। তেওঁলোকে কাষত থকা আন এটা খুটাৰ পৰা হাকুটি লগাই মোহন কলিতাক বিদ‍্যুৎ চোৰ কৰিবলৈ উচতাই। হোজা কলিতায়ো সেইমতে কৰিবলৈ ওলাওতেই গাঁৱৰ অইন মানুহে তেওঁক বাধা দিয়ে, যাৰবাবে এখন কাজিয়াৰ সৃষ্টি হয়। আবেদন নিবেদন কৰি পাৰাপাৰ নোপোৱা হোজা কৃষক জন আৰু তেওঁৰ পৰিয়ালে বৰ্তমান আন্ধাৰত দিন পাৰ কৰিব লগীয়া হৈছে। মিটাৰ নোহোৱাকৈ বিল দিয়া, খুটাৰ পৰা বিপজ্বনক ভাৱে ওলমি থকা তাঁৰ ঠিক নকৰাকে আদি কৰি বিভিন্ন কাৰণত অতিষ্ঠ হৈ থা গাওঁবাসীয়ে আজি ৰাজীৱ কলিতাৰ বিৰুদ্ধে ধৰ্ণা দিয়ে, লগতে বিদ‍্যুৎ যোগানৰ সম্পূৰ্ণ ব‍্যৱস্থাটো চৰকাৰী ভাৱে কৰিবলৈ দাবী জনায়।
Bite:- মোহন কলিতাConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
Last Updated : Jul 25, 2019, 10:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.