ETV Bharat / state

ৰঙিয়াত বিজেপিৰ বিশাল সভা

author img

By

Published : Jan 7, 2021, 7:50 PM IST

ৰঙিয়াত বৃহস্পতিবাৰে বিজেপিৰ এক বিশাল সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা বৈজয়ন্ত পাণ্ডা । সভাত ৰাজ্য়িক বিজেপিৰ সভাপতিসহ কেইবাগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে ।

ৰঙিয়াত বিজেপিৰ বিশাল সভা
ৰঙিয়াত বিজেপিৰ বিশাল সভা

ৰঙিয়া,৭ ডিচেম্বৰ : সমাগত অসমৰ বিধানসভাৰ নিৰ্বাচন । তাৰ প্ৰাকক্ষণত ৰাজনৈতিক ভেটি শক্তিশালী কৰিবলৈ উঠি পৰি লাগিছে অসমৰ প্ৰতিটো ৰাজনৈতিক দল । ইয়াৰ মাজতে বিজেপি আৰু অগপ দলৰ মাজতো এতিয়া সমষ্টি কেন্দ্ৰিক এক সংঘাত আৰম্ভ হৈছে । মিত্ৰ দল অগপৰ দখলত থকা কেইবাটাও সমষ্টিত এইবাৰ বিজেপিৰ চকু পৰিছে । অগপ দলক পূৰ্বে বিজেপিয়ে এৰি দিয়া সমষ্টি পুনৰ দলটোক দিবলৈ দাবী জনাই অহা পৰিলক্ষিত হৈছে ।

কমলপুৰ,পাটাছাৰকুছিকে ধৰি অগপৰ দখলত থকা সমষ্টি কেইটা এইবাৰ বিজেপি দলক দিবলৈ ৰাষ্ট্ৰীয় বিজেপি নেতা বৈজয়ন্ত পাণ্ডাক মুকলি সভাত আহ্বান ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ। বৃহস্পতিবাৰে ৰঙিয়াত বিজেপিৰ বিশাল কৰ্মী সভাত ৰঞ্জিত দাসে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।

লগতে সভাত বিপিএফে প্ৰথমে বিশ্বাস ভংগ কৰাৰ বাবেই বিপিএফৰ লগত সম্পৰ্কৰ অৱনতি ঘটা বুলি উল্লেখ কৰি সমাগত নিৰ্বাচনত ইউপিপিএলৰ লগত মিত্ৰতা হ'ব বুলি স্পষ্টকৈ কয় ৰঞ্জিত দাসে । ৰাজ্যিক সভাপতি গৰাকীয়ে ভাষণত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা যিমানেই নহওক কিয় বিজেপিয়ে ১০১ চুবই বুলি দাবী কৰে । লগতে কংগ্ৰেছে হিতাধিকাৰীসকলৰ ধন আত্মসাত কৰাৰ অভিযোগ তুলি কয় যে বিজেপি চৰকাৰৰ দিনত বিভিন্ন আঁচনিৰ যোগেৰে উপকৃত হোৱা হিতাধিকাৰীসকলে ভোট দিলেই মিচন ১০০ত উপনীত হ'ব বিজেপি ।

বটদ্ৰবা থান সন্দৰ্ভত সভাপতি গৰাকীয়ে কংগ্ৰেছৰ দিনত বেদখল হৈ থকা ভূমি বিজেপিয়েহে বেদখল মুক্ত আৰু উন্নয়ন কৰা বুলি মন্তব্য কৰে ।

দলৰ ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই এই সভাত উপস্থিত থাকি কয় যে অসমত নতুন নতুন আঞ্চলিক দল গঠন হৈছে কংগ্ৰেছক সহায় কৰিবলৈ । যি কংগ্ৰেছ দলে অসমৰ যুৱক সকলক এটা সময়ত গুলীয়াই হত্যা কৰিছিল,সেই কংগ্ৰেছক আঞ্চলিকতাবাদৰ নাম লৈ নতুন দলবোৰে সহায় কৰিব খোজা টোৱেই তেওঁলোকৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে বুলিও গুৰুতৰ মন্তব্য় কৰে নেতা গৰাকীয়ে ।

উল্লেখ যে ৰঙিয়াত আয়োজিত বিজেপিৰ এই বিশাল সভাত ডেৰশৰো অধিক লোকে বিজেপিত যোগদান কৰে । অনুস্থানত এপিএছচিত ৰঙিয়াৰ পৰা স্থান লাভ কৰা নিমাশ্ৰী ডাউকা আৰু চন্দন কলিতাকো সম্বৰ্ধনা জনোৱা হয় । সভাত মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আৰু সাংসদ ভূবনেশ্বৰ কলিতাও উপস্থিত থাকে ।

লগতে পঢ়ক : নলবাৰীৰ পাইকাৰকুছিত কৃষক শ্বহীদ ভৱনৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.