ETV Bharat / state

ৰঙিয়াত বিহু উদযাপন - সাংস্কৃতিক শোভাযাত্ৰা

ৰঙিয়াত তিনিদিনীয়াকৈ আয়োজন কৰা বিহু অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী শোভাযাত্ৰাৰ মাধুৰীমা চৌধুৰীয়ে শুভাৰম্ভ কৰে ৷ বিভিন্ন জাতি-জনগোষ্ঠিৰ সমাহাৰেৰে অনুষ্ঠিত হ'ল এই সাংস্কৃতিক শোভাযাত্ৰাৰ৷

ৰঙিয়াত বিহুত উদযাপন
author img

By

Published : Apr 15, 2019, 8:29 PM IST

ৰঙিয়া,15এপ্ৰিল: ৰাজ্যৰ চৌদিশে কেৱল বিহুৰ আনন্দ ৷ সমগ্ৰ অসমৰ লগতে বাপতি সাহোন বিহুটিক আদৰিবলৈ তৎপৰ হৈ পৰিল ৰঙিয়াবাসী ৷ সোমবাৰে ৰঙিয়াৰ প্ৰগতি সংঘ, জয়ন্তীপুৰৰ বিহু সন্মিলনৰ লগতে মৰঞ্জনাৰ ৰাজহুৱা বিহু থলীত উৰিল বিহুৰ পতাকা । ৰাইজে উলহ মালহেৰে স্বাগতম্ জনালে অসমীয়া নৱবৰ্ষক ।

ৰঙিয়াত বিহুত উদযাপন

বিভিন্ন কাৰণত সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰা উত্তৰ ৰঙিয়া ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰিছে বিহুৰ । সোমবাৰে দ্বিতীয় দিনা পুৱাই এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয় । বড়ো, চাউতালীৰ লগতে অসমীয়া যুৱক-যুৱতীসকলে জাতীয় সাজপাৰ পিন্ধি অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে মাধুৰীমা চৌধুৰীয়ে । বৃহত্তৰ জয়ন্তীপুৰৰ ৰাইজেও প্ৰথম বহাগৰ দিনা জেষ্ঠসকলৰ আশীৰ্বাদ লৈ বিভিন্ন ৰং ধেমালিৰে বছৰটোৰ বছৰটোৰ আৰম্ভণি কৰে ।

Intro:ৰঙিয়াৰ বিহুত মাধুৰীমা চৌধুৰীBody:অসমৰ আকাশে বতাহে এতিয়া ৰঙালীৰ ৰং। সমগ্র অসমৰ লগতে ৰঙিয়াতো চলিছে ৰঙালীৰ ৰং ৰইচ। ৰঙিয়াৰ প্ৰগতি সংঘ, জয়ন্তীপুৰৰ বিহু সন্মিলনৰ লগতে মৰঞ্জনাৰ ৰাজহুৱা বিহু থলীত উৰিল বিহুৰ পতাকা। ঠায়ে ঠায়ে আয়োজন হৈছে খেল ধেমালিৰ ৰাইজে উলহ মালহেৰে স্বাগতম্ জনালে অসমীয়া নৱবৰ্ষৰক। বিভিন্ন কাৰণত সোণালী জয়ন্তী উদযাপন কৰিব নোৱাৰা উত্তৰ ৰঙিয়া ৰঙালী বিহু সন্মিলনীয়ে এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰিছে বিহুৰ। আজি দ্বিতীয় দিনৰ দিনা দিনৰ ভাগত এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক লোকে। বড়ো, চাউতালীৰ লগতে অসমীয়া যুৱক যুৱতী সকলে জাতীয় সাজ পোছাক পিন্ধি অংশগ্ৰহণ কৰা শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে বিহু সাম্ৰাজ্ঞী মাধুৰীমা চৌধুৰীয়ে। ৰঙিয়াৰ সাংস্কৃতিক জগত খনৰ বিষয়ে প্ৰশংসাত পঞ্চমুখ হৈ, ধোল বজাই বিহু গাই স্ফুৰ্টি কৰি যোৱা ৰাইজৰ লগত মাধুৰীমা চৌধুৰীয়েও নাচি বাগি ৰঙিয়া পৰিভ্ৰমণ কৰে।দ্বিতীয় দিনা ৰাতিলৈ সন্মিলনৰ মুখ্য আকৰ্ষণ হয় হিচাপে গায়ক নীল আকাশক আমন্ত্ৰণ জনোৱা হৈছে। আনহাতে মঙলবাৰৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ‍্য আকৰ্ষণ হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। বৃহত্তৰ জয়ন্তীপুৰৰ ৰাইজেও প্ৰথম বহাগৰ দিনা জেষ্ঠসকলৰ আশীৰ্বাদ লৈ বিভিন্ন ৰং ধেমালিৰে বছৰটোৰ বছৰটোৰ আৰম্ভণি কৰে।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.