ETV Bharat / state

এপ'ল মিলৰ কৰ্মচাৰী নামিছে চাফাই অভিযানত - rangia_apolo_mill

এপ'ল মিল পৰিদৰ্শন কৰিবলৈ আহিব ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ'ছিয়েচনৰ পৰা দুগৰাকী গৱেষক বিষয়া । তাৰ বাবেই এপ'ল মিলত মিলৰ কৰ্মচাৰীসকলে চলাইছে ব্যাপক চাফাই অভিযান ।

এপ'ল মিলৰ কৰ্মচাৰী নামিছে চাফাই অভিযানত
author img

By

Published : Jul 7, 2019, 6:43 PM IST

ৰঙিয়া,৭ জুলাইঃ দেওবাৰে এপ'ল মিলত চাফাই অভিযানত নামিছে মিলৰ কৰ্মচাৰী সকল । অহা ৯ জুলাই মঙলবাৰে ৰঙিয়াৰ তৰণীস্থিত এপ'ল মিল পৰিদৰ্শন কৰিবলৈ আহিব ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ'ছিয়েচনৰ পৰা দুগৰাকী গৱেষক বিষয়া ।

এপ'ল মিলৰ কৰ্মচাৰী নামিছে চাফাই অভিযানত

সেই সূত্ৰে মিলটোত কৰ্মচাৰী দ্বাৰা চলিছে ব্যাপক চাফাই অভিযান । অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে অহা বিষয়া দুগৰাকীয়ে মিলটোৰ মেচিন সমূহ পৰ্য্যবেক্ষণ কৰি এটা ৰিপোৰ্ট বনাই চৰকাৰৰ হাতত জমা কৰিব । কৰ্মচাৰী সকলে আশা কৰিছে, ইয়াৰ পিছত হয়তো মিলটো পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ যি প্ৰচেষ্টা চলি আছে সেয়া খৰতকীয়া হ'ব । সেয়ে এতিয়া এই খবৰে এপ'ল মিলৰ কৰ্মচাৰী সকলৰ বাবে কঢ়িয়াইছে এক আশাৰ বতৰা ।

Intro:এপ'লত চলিল চাফাই অভিযানBody:আজি এপ'ল মিলত চাফাই অভিযানত নামিছে মিলৰ কৰ্মচাৰী সকল। সকলোৰে মনত উৎসাহ। কাৰণ অহা ৯ জুলাই মঙলবাৰে ৰঙিয়াৰ তৰণীস্থিত এপ'ল মিল পৰিদৰ্শন কৰিবলৈ আহিব ছাউথ ইণ্ডিয়া টেক্সটাইল ৰিচাৰ্ছ এছ'ছিয়েচনৰ পৰা দুগৰাকী গৱেষক বিষয়া। ইমানদিনে মিলৰ চৌহদত গজি উঠা জংঘল সকলোৱে মিলি চাফা কৰিছে, যাতে বিষয়া দুজনে আহি সন্তুষ্টি লাভ কৰে। অসম চৰকাৰৰ আমন্ত্ৰণ মৰ্মে অহা বিষয়া দুগৰাকীয়ে মিলটোৰ মেচিন সমুহ পৰ্য্যবেক্ষণ কৰি এটা ৰিপোৰ্ট বনাই চৰকাৰৰ হাতত জমা কৰিব। কৰ্মচাৰী সকলে আশা কৰিছে, ইয়াৰ পিছত হয়তো মিলটো পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ যি প্ৰচেষ্টা চলি আছে সেয়া খৰতকীয়া হ'ব। যথেষ্ট কষ্টৰ মাজেৰে দিন পাৰ কৰা এপ'ল মিলৰ কৰ্মচাৰী সকলৰ বাবে ই এক আশাৰ বতৰা কঢ়িয়াই আনিছে।
Bite:- এপ'ল মিলৰ কৰ্মচাৰীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.