ETV Bharat / state

গুৱাহাটীৰ ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন

শুকুৰবাৰে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম জয়ন্তী ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা সভাত নিদিষ্ট বক্তা হিচাপে বক্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিক তথা সাংসদ অজিত কুমাৰ ভূঞাই ৷

rajiv-gandhis-77th-birth-anniversary-celebrated-at-rajiv-bhayan-in-guwahati
ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম দিৱস উদযাপন
author img

By

Published : Aug 20, 2021, 8:59 PM IST

গুৱাহাটী,20 আগষ্ট: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নিৰ্দেশমৰ্মে শুকুৰবাৰে অসমৰ প্ৰত্যেকখন জিলাতে পালন কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ 77 সংখ্যক জন্ম জয়ন্তী ‘সদ্ভাৱনা দিৱস’ ৷ সমান্তৰালকৈ প্ৰদেশ কংগ্ৰেছৰ মূখ্য কাৰ্যালয়তো পালন কৰা হয় এই দিৱস ৷ এই উপলক্ষ্যে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা সভাত নিদিষ্ট বক্তা হিচাপে বিশিষ্ট সাংবাদিক তথা সাংসদ অজিত কুমাৰ ভূঞাক বক্তব্য আগবঢ়ায় ৷

ভাষণত ভূঞাই কয় যে,আধুনিক ভাৰত নিৰ্মাণ কৰাৰ বাবে জৱাহৰলাল নেহেৰুৰ নাম যিদৰে লোৱা হয় ঠিকএকেদৰে বিজ্ঞান-প্ৰযুক্তিৰ নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰতো বাটকটীয়া হিচাপে ৰাজীৱ গান্ধীৰ নাম ল'বই লাগিব ৷ ৰাজীৱ গান্ধীৰ দূৰদৃষ্টি সম্পন্ন চৰকাৰী পদক্ষেপৰ বাবেই আজি দেশবাসী বিজ্ঞান প্ৰদত্ত অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা উপকৃত হৈছে ৷ তদুপৰি কম্পিউটাৰৰ প্ৰথম প্ৰচলন তেখেতেই আৰম্ভ কৰিছিল ৷

ইয়াৰ উপৰি বেংক, ৰেল, টেলিকমিউনিকেশ্বন, বিমানৰ উপৰিও সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাত কম্পিউটাৰ ব্যৱস্থা ৰাজীৱ গান্ধীৰ দিনতে আৰম্ভ হয় ৷ ম'বাইল ফোনৰ প্ৰচলনো প্ৰধানমন্ত্ৰী হিচাপে তেখেতেই আৰম্ভ কৰে ৷

গতিকে আধুনিক বিজ্ঞান-প্ৰযুক্তিত ভাৰতবৰ্ষ গঢ়ি উঠাৰ ক্ষেত্ৰত কাৰ্যকৰী পদক্ষেপ লোৱা প্ৰধানমন্ত্ৰী গৰাকীয়েই আছিল প্ৰয়াত ৰাজীৱ গান্ধী ৷ উক্ত সভাত সভাপতিত্ব কৰে প্ৰাক্তন সাংসদ দ্বীজেন শৰ্মাই ৷ সভাপতিৰ ভাষণত তেওঁ কয় যে, আধুনিক শিক্ষা ব্যৱস্থাত বিজ্ঞান-প্ৰযুক্তি প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী গৰাকীয়েই আছিল প্ৰয়াত ৰাজীৱ গান্ধী ৷ তেখেত এজন সুবক্তাও আছিল বুলি উল্লেখ কৰে সাংসদ দ্বীজেন শৰ্মাই ৷

লগতে পঢ়কঃ বিজেপিৰ বিৰুদ্ধে লখিমপুৰত যুদ্ধ ঘোষণা ভূপেন বৰাৰ

সভাৰ আদৰণি ভাষণত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় যে, ৰাজীৱ গান্ধী এজন দূৰদৃষ্টি সম্পন্ন গতিশীল আধুনিক মনৰ ৰাজনীতিক আছিল ৷ তেখেতে যুৱকসকলক সক্ৰিয়ভাৱে গণতান্ত্ৰিক ব্যৱস্থাত ভাগ লোৱা বাবে ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰিছিল ৷ লগতে মহিলা সৱলীকৰণৰ প্ৰতি লক্ষ্য ৰাখি পঞ্চায়ত আৰু নগৰ পালিকা কাৰণে 33 শতাংশ আসন সংৰক্ষিত কৰিছিল ৷

উক্ত সভাত জ্যেষ্ঠ কংগ্ৰেছ নেতা হিৰণ্য বৰা, বলীন কুলী, বিধায়ক নুৰুল হুদাইয়ো বক্তৃতা প্ৰদান কৰে ৷ সভাত প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, আবু চালেহ নজমুদ্দিন, বিধায়ক ৰেকিবুদ্দিল আহমেদ, নৃপেন ঠাকুৰীয়া, শৈলেন বৰা, গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্য্যকৰী সভাপতি স্বপন দাসৰ উপৰি ভালেসংখ্যক নেতা উপস্থিত আছিল ৷

লগতে পঢ়কঃ শনিবাৰৰ পৰা আৰম্ভ হ'ব সোণোৱালৰ তিনিদিনীয়া "জন আশীৰ্বাদ যাত্ৰা"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.