ETV Bharat / state

ছয়গাঁৱৰ ৰে’ল ষ্টেচনত ৰে’ল যাত্ৰীৰ প্ৰতিবাদ - protest at assam

যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগত ৰে’ল অৱৰোধ কাৰ্যসূচী গ্ৰহণ প্ৰতিবাদকাৰীৰ ৷

ৰে’ল যাত্ৰীৰ প্ৰতিবাদ
author img

By

Published : Nov 21, 2019, 9:52 PM IST

ছয়গাঁও ২১ নৱেম্বৰঃ শৰাইঘাট এক্সপ্ৰেছক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে বঙাইগাঁও-গুৱাহাটী ডেমো এক্সপ্ৰেছক দীৰ্ঘ সময় ধৰি আবদ্ধ কৰি ৰখাত বৃহস্পতিবাৰে ৰাতিপুৱা ছয়গাঁও ৰে’ল ষ্টেচনত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে বহু সময় ধৰি ৰে'লপথ অৱৰোধ কৰি ৰাখে ডেমো ৰে’লৰ যাত্ৰী সকলে।

ৰে’ল যাত্ৰীৰ প্ৰতিবাদ

যাত্ৰী সকলৰ অভিযোগ অনুসৰি হাওৰাৰ পৰা গুৱাহাটী অভিমুখে অহা শৰাইঘাট এক্সপ্ৰেছ ৰে’লখনক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে প্ৰায়ে এনেদৰে বঙাইগাঁও- গুৱাহাটী ডেমো এক্সপ্ৰেছ ৰে’লগাড়ীখন দীৰ্ঘসময় ধৰি আবদ্ধ কৰি ৰখা হয় যাৰ ফলত বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানৰ পৰা ৰে'লখনত অহা চৰকাৰী কৰ্মচাৰী সকলৰ নিজৰ কাৰ্যালয়ত উপস্থিত হওতে যথেষ্ট পলম হয়। তদুপৰি গুৱাহাটীলৈ চিকিৎসা তথা অন্য কামৰ বাবে অহা যাত্ৰীকলে সময়মতে যথাস্থানত উপস্থিত হ’ব নোৱাৰাত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’ব লগাত পৰে। সেয়ে ৰে’ল কৰ্মচাৰীৰ কাৰ্যত আগৰে পৰাই যাত্ৰীসকল ক্ষুব্ধ হৈ আছিল আৰু বৃহস্পতিবাৰে সেই ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে। ইফালে যাত্ৰী সকলে ৰে’লপথ অবৰোধ কৰি ৰখাৰ খবৰ পাই ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়কঃতেজপুৰত 9 খনকৈ চুৰি বাইকসহ এজনক আটক

Intro:ছয়গাঁৱৰ ৰে’ল ষ্টেচনত যাত্ৰীৰ প্ৰতিবাদ ৷ যাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগত যাত্ৰীৰ ৰে’ল অৱৰোধ ৷Body:ছয়গাঁও ২১ নবেম্বৰ : শৰাইঘাট এক্সপ্ৰেছক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে বঙাইগাঁও- গুৱাহাটী ডেমো এক্সপ্ৰেছক দীৰ্ঘ সময় ধৰি আৱদ্ধ কৰি ৰখাত আজি ৰাতিপুৱা ছয়গাঁও ৰে’লষ্টেচনত এক হুলস্থলীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে ডেমো ৰে’লৰ যাত্ৰী সকলে বহু সময় ধৰি ৰেলপথ অৱৰোধ কৰি ৰাখে।যাত্ৰী সকলৰ অভিযোগ অনুসৰি হাওৰাৰ পৰা গুৱাহাটী অভিমূখে অহা শৰাইঘাট এক্সপ্ৰেছ ৰে’লখনক ৰে’লপথ মুকলি কৰি দিয়াৰ বাবে প্ৰায়ে এনেদৰে বঙাইগাঁও- গুৱাহাটী ডেমো এক্সপ্ৰেছ ৰে’লগাড়ীখন দীৰ্ঘসময় ধৰি আৱদ্ধ কৰি ৰখা হয় যাৰ ফলত বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানৰ পৰা ৰেলখনত অহা চৰকাৰী কৰ্মচাৰী সকলৰ নিজ নিজ কাৰ্যালয় পাওতে যথেষ্ট পলম হয়।তদুপৰি গুৱাহাটীলৈ চিকিৎসা তথা অইন কামৰ বাবে অহা যাত্ৰীকলো সময়মতে যথাস্থানত উপস্থিত হ’ব নোৱাৰাত যথেষ্ট হাৰাশাস্তিৰ সন্মূখীন হ’ব লগাত পৰে। সেয়ে ৰে’ল কৰ্মচাৰীৰ কাৰ্য্যত আগৰে পৰাই যাত্ৰী সকল ক্ষুব্ধ হৈ আছিল আৰু আজি সেই ক্ষোভৰ বহিপ্ৰকাশ ঘটে। অসন্তুষ্ট যাত্ৰী সকলে ৰে’লপথ অৱৰোধ কৰি ৰখাৰ খবৰ পাই ছয়গাঁও আৰক্ষী থানাৰ আৰক্ষী দল ঘটনস্থলীত উপস্থিত হয় আৰুপৰিস্থিতি নিয়ন্ত্ৰণ কৰে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.