ETV Bharat / state

পুঠিমাৰী নৈয়ে বিপদ মাতিছে বগৰীবাৰী মথাউৰিলৈ - নিত্য ব‍্যৱহাৰ্য সামগ্ৰী

যিকোনো মুহুৰ্ততে ৰঙিয়াৰ বগৰীবাৰী অঞ্চলত মথাউৰি ছিঙি অঞ্চলটোলৈ বিপদ মাতিব পাৰে পুঠিমাৰী নৈয়ে। বগৰীবাৰী অঞ্চলত ইতিমধ্যে মাথাউৰিটোৰ বহুঠাইত নিম্নাংশৰে পানী নিগৰি বাগৰি আছে। মথাউৰিটো বচাবৰ বাবে নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে ৰাইজে ।

assam flood
assam flood
author img

By

Published : Jul 12, 2020, 5:05 AM IST

ৰঙিয়া, 11 জুলাই : বিপদসীমা অতিক্ৰম কৰিছে পুঠিমাৰী নৈৰ জলপৃষ্ঠই। যিকোনো মুহুৰ্ততে ৰঙিয়াৰ বগৰীবাৰী অঞ্চলত মথাউৰি ছিঙি অঞ্চলটোলৈ বিপদ মাতিব পাৰে পুঠিমাৰী নৈয়ে। বগৰীবাৰী অঞ্চলত ইতিমধ্যে মাথাউৰিটোৰ বহুঠাইত নিম্নাংশৰে পানী নিগৰি আছে। মথাউৰিটো বচাবৰ বাবে নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখিছে ৰাইজে ।

assam flood
মথাউৰি ৰক্ষাৰ চেষ্টা ৰাইজৰ

শুকুৰবাৰে ৰাতিৰ পৰাই ওখ ঠাই বিচাৰি অঞ্চলটোৰ শিশু, বৃদ্ধই ঢাপলি মেলিছে। নিজৰ সা-সম্পত্তিৰ লগতে পশুধন লৈ ৰাইজে আশ্ৰয় লৈছে ওখ ঠাইত। মাথাউৰীৰ ওপৰতে বাঁহ আৰু ত্ৰিপাল টানি বেছিভাগ পৰিয়ালেই সাজি ওলিয়াইছে অস্থায়ী আশ্ৰয় স্থল। পোহনীয়া গৰু-ছাগলীও আনি মথাউৰিৰ ওপৰতে বান্ধিছে বেছিভাগেই।

পুঠিমাৰী নৈয়ে বিপদ মাতিছে বগৰীবাৰী মথাউৰিলৈ

কিন্তু এনেদৰে আশ্ৰয় লোৱা বেছিভাগৰেই নাই পৰ্যাপ্ত খাদ্য তথা নিত্য ব‍্যৱহাৰ্য সামগ্ৰী। আনহতে মাথাউৰিৰ ভঙা অংশটো ধৰি ৰাখিবলৈ দিনে নিশাই চেষ্টা অব্যাহত ৰাখিছে ৰাইজে। লগতে মাথাউৰিৰ এক বৃহৎ অংশত বাঁহ বান্ধি ৰাইজৰ প্ৰবেশ বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ‍্য যে ইয়াৰ পূৰ্বেও এই মাথাউৰিটো ছিঙি দুবাৰকৈ ৰঙিয়াৰ বৃহত্তৰ অঞ্চল বুৰাই পেলাইছিল বানে। যাৰ ফলত ৰঙিয়াত এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক : বানে ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড় চহৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.