ETV Bharat / state

সমাজ কল্যাণ বিভাগৰ অনিয়মৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা

author img

By

Published : Jul 11, 2021, 1:56 PM IST

সমাজ কল্যাণ বিভাগত (Social welfare department) সংঘটিত হৈ থকা বিভিন্ন অনিয়ৰ তথ্য ফাদিল কৰি বিভাগটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰ ৷ সঞ্চালকালয়ৰ নামত একংশই কার্যালয় খোলাৰ অভিযোগ তুলি এই সন্দৰ্ভত বিহীত ব্যৱস্থা নললে জংগী আন্দোলনৰ হুংকাৰ দিছে মালাকাৰে ৷

pssa-secretary-nripen-malakar-slams-social-welfare-department
সমাজ কল্যাণ বিভাগৰ অনিয়মৰ বিৰুদ্ধে সৰৱ প্ৰতিবন্ধী সুৰক্ষা সংস্থা

গুৱাহাটী, 11 জুলাই : প্ৰতিবন্ধী সকলৰ কল্যাণৰ হকে কাম কৰা সমাজ কল্যাণ বিভাগ (Social welfare department)ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত ঘটনা ৷ শেহতীয়াকৈ এজন জীৱিত ব্যক্তিক মৃত সজোৱাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে ৷ দিব্যাংগ পেঞ্চন আঁচনিৰ ধন লাভ কৰি থকা তামুলপুৰৰ জীৱিত ব্যক্তি শান্তিৰাম ডেকা নামৰ লোকজনক বিভাগৰ বিষয়াই 2019 চনতে মৃত্যু হোৱা বুলি সমাজ কল্যাণ সঞ্চালকৰ কার্যালয়লৈ তথ্য প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক গৰাকীয়ে ৷ উক্ত বিষয়টোৰ সন্দৰ্ভত সঞ্চালয়কালয়ক অবগত কৰা হয় যদিও দোষী বিষয়াগৰাকীৰ বিৰুদ্ধে সমাজ কল্যাণ সঞ্চালকে আজিলৈকে কোনো শাস্তিমূলক ব্যবস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰিছে নৃপেন মালাকাৰে ৷

অন্যহাতে, যোৱা 3 জুলাইত বান্দাস্থিত তাৰাবতী ডেভেলপমেন্ট ফাউণ্ডেচন নামৰ প্ৰতিষ্ঠানটোৱে অসম চৰকাৰৰ সমাজ কল্যাণ সঞ্চালকালয়ৰ নাম ব্যৱহাৰ কৰি প্ৰতিবন্ধীসকলক প্ৰশিক্ষণৰ নামত প্ৰতাৰণা কৰি থকা কার্য পোহৰলৈ আহিছে বুলি মন্তব্য কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে ৷ বিষয়টো সন্দৰ্ভত তাৎক্ষণিকভাবে প্ৰতিবন্ধীসকলৰ দায়িত্বত থকা আযুক্তগৰাকীয়ে প্ৰতিষ্ঠানলৈ জাননী প্ৰেৰণ কৰিছিল ৷ কিন্তু লক্ষণীয়ভাৱে সমাজ কল্যাণ সঞ্চালকালয়ৰ নাম ব্যৱহাৰ কৰি থকা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আজিলৈকে ৰহস্যজনকভাৱে নিমাত হৈ আছে সঞ্চালকগৰাকী ৷ যাৰ বাৰে এনেধৰণৰ প্ৰতিষ্ঠানসমূহে অনাগত দিনত আইনৰ বিৰুদ্ধ কাম কৰিবলৈ উৎসাহিত হ'ব বুলি মন্তব্য কৰিছে মালাকাৰে ৷

শান্তিৰাম ডেকাৰ মন্তব্য

উল্লেখ্য যে, ইতিমধ্যে বিভাগটোত সংঘটিত হৈ থকা দুর্নীতি সন্দৰ্ভত তথ্য প্ৰকাশ পোৱাৰ পাছত যোৱা 15 জুনত কামৰূপ জিলাৰ এগৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিলম্বন কৰিছে সমাজ কল্যাণ সঞ্চালকালয়ে ৷ কিন্তু প্ৰকৃত তথ্য উদঘাটন কৰাৰ স্বাৰ্থত জিলা সমাজ কল্যাণ বিষয়াৰ দায়িত্বত থকা বিষয়াগৰাকীক আঁতৰ কৰি তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সংস্থাই দাবী জনাইছিল যদিও সঞ্চালকগৰাকীৰ লগত বিষয়াগৰাকীৰ সু-সম্বন্ধ থকাৰ বাবে এই কার্য সম্পাদন কৰিবলৈ সঞ্চালক কিম্বা বিভাগটো সক্ষম নহ'ল বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে ৷

ssa secretary nripen malakar slams social welfare department
জীৱিত ব্যক্তি শান্তিৰাম ডেকাক মৃত ঘোষণা

তদুপৰি সংস্থাৰ 21 দফীয় দাবী সন্দৰ্ভত ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু সমাজকল্যাণ মন্ত্ৰীক বাৰে বাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পাছতো আজিলৈ কোনা সুদুত্তৰ লাভ কৰা নাই বুলিও অভিযোগ তুলিছে নৃপেন মালাকাৰে ৷ বিশেষকৈ খালী হৈ থকা পদসমূহ পূৰণ কৰা,বিশেষ টেট অনুষ্ঠিত কৰি শিক্ষা বিভাগত নিযুক্তি প্ৰদান কৰা,অৰুণোদয় আঁচনিত প্ৰত্যেকজন প্ৰতিবন্ধীৰ নাম অন্তর্ভুক্ত কৰা,প্ৰতিবন্ধীসকলৰ মাহেকীয়া পেঞ্চন 1000 টকাৰ পৰা 3000 টকালৈ বৃদ্ধি কৰা দাবী কৰিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ৷ লগতে 1,60,612 গৰাকী হিতাধিকাৰীৰ বিপৰীতে 2017 চনৰ 7 ফেব্ৰুৱাৰীৰ আলোচনা কার্যকৰী কৰি প্ৰত্যেকগৰাকী হিতাধিকাৰীক পেঞ্চন প্ৰদান কৰা, জানুৱাৰীৰ পৰা এপ্ৰিললৈ অনাদায়ী হৈ থকা পেঞ্চনৰ 1000 কৈ 4000 টকা শীঘ্ৰে মুকলি কৰি দিয়াকে ধৰি 21 দফীয়া দাবী সন্দৰ্ভত অহা তিনি দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণ নকৰিলে চলিত বিধানসভাৰ সময়ত পূৰ্বতকৈও জংগী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে ৷

লগতে পঢ়তঃ এইবাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নামিল NDFBৰ প্ৰাক্তন সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.