গুৱাহাটী, ২৫ মাৰ্চ: মহানগৰীত কৃত্ৰিম বানপানী ৰোধৰ বাবে সষ্টম হৈ পৰিছে ৰাজ্য চৰকাৰ (Mega eviction drive at Silsako) ৷ বানমুক্ত গুৱাহাটী নিৰ্মাণৰ স্বাৰ্থত চৰকাৰৰ নিৰ্দেশনা ক্ৰমে চলিত বৰ্ষত গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ অভিযান চলোৱা হৈছিল (Illegal encroachment at Silsako beel) ৷ কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা GMDA কৰ্তৃপক্ষই চলোৱা অমানৱীয় উচ্ছেদ অভিযানৰ ফলত শিলসাঁকোৰ বুকুত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা শ শ পৰিয়াল গৃহহাৰা হৈছিল।
চৰকাৰৰ তৰফৰ পৰা শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি জনোৱাৰ পিচত আস্বস্ত হৈছিল উচ্ছেদিত লোকসকল । কিন্তু দিন বাগৰি যোৱাৰ পিচতো উচ্ছেদিত লোকসকলক পুনঃসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে শিলসাঁকোৰ গৃহহাৰা লোকসকল (Protests Against demanding rehabilitation)। শিলসাঁকো বিলৰ পাৰত উচ্ছেদ বন্ধ কৰা, উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন আৰু উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী তুলি শনিবাৰে বিয়লি উচ্ছেদিত লোকলসকলে মম জ্বলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Rehabilitation of displaced people of Silsako)।
উচ্ছেদিত ৰাইজে সমদল উলিয়াই ছয় মাইল অভিমুখে অহাৰ কথা আছিল যদিও প্ৰশাসনৰ অনুমতিৰ দোহাই দি আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা প্ৰদান কৰে। প্ৰায় দুই শতাধিক উচ্ছেদিত লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীক নেতৃত্ব প্ৰদান কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ৷
প্ৰতিবাদকাৰীসকলে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, থলুৱা খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ প্ৰদানৰ কথা কৈ অহা চৰকাৰখনে দীৰ্ঘদিন ধৰি শিলসাঁকোৰ বুকুত বসবাস কৰি থকা খিলঞ্জীয়ালোকৰ ঘৰ উচ্ছেদ কৰি প্ৰকৃততে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে । প্ৰতিবাদকাৰীয়ে চৰকাৰক প্ৰশ্ন সুধি কয় যে, শিলসাঁকো বিলত যদি বদৰুদ্দিন আজমল, হিম্মত সিংকা, জিঞ্জৰক যদি মাটি দিব পাৰে তেনে খিলঞ্জীয়াক মাটি দিব নোৱাৰাৰ কাৰণ কি? প্ৰতিবাদকাৰীসকলে উচ্ছেদ বন্ধ ৰখা,অচিৰেই উচ্ছেদিত ৰাইজক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক: Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান