ETV Bharat / state

ৰঙিয়াত ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ ভাৰতীয় জনতা যুৱ মৰ্চা

author img

By

Published : Oct 9, 2020, 9:38 PM IST

ৰঙিয়াত ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ ভাৰতীয় জনতা যুৱ মৰ্চা ৷ দলটোৱে বৃহস্পতিবাৰে ৰঙিয়াৰ ঐতিহ্যপূৰ্ণ কৃষক শ্বহীদ ভৱনৰ স্মৃতি সৌধক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা যুৱ মৰ্চাই ৷

ৰঙিয়াত ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ ভাৰতীয় জনতা যুৱ মৰ্চা
ৰঙিয়াত ৰাইজৰ দলৰ বিৰুদ্ধে সৰৱ ভাৰতীয় জনতা যুৱ মৰ্চা

ৰঙিয়া, 9 অক্টোবৰ: শুকুৰবাৰে নৱ গঠিত ৰাইজৰ দলৰ বিৰুদ্ধে ৰঙিয়াত ভাৰতীয় জনতা যুৱ মৰ্চাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাইজৰ দলে বৃহস্পতিবাৰে ৰঙিয়াৰ ঐতিহ্যপূৰ্ণ কৃষক শ্বহীদ ভৱনৰ স্মৃতি সৌধক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি, ৰঙিয়া নগৰ যুৱ মৰ্চাই সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে ইতিহাস প্ৰসিদ্ধ শ্বহীদ কৃষকৰ স্মৃতি বিজড়িত সৌধক অপমান কৰি ৰাইজৰ দলে নিকৃষ্ট ৰাজনীতি কৰা বুলি উল্লেখ কৰে ৷ ৰঙিয়া থানা ৰোড অৱৰোধ কৰি যুৱ মৰ্চাৰ কৰ্মী সকলে শ্বহীদক অপমান কৰা কাৰ্যৰ ন্যায় বিচাৰি পৰিৱেশ উত্তাল কৰি তোলে ৷

আনহাতে ৰাইজৰ দলক ভণ্ড ৰাজনৈতিক দল আখ্যা দি শ্বহীদক অপমান কৰা কাৰ্যকো ধিক্কাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ মতে, বৃহস্পতিবাৰে ৰঙিয়াত ৰাইজৰ দলৰ এক কাৰ্যসূচীত তেওঁলোকে কৃষক শ্বহীদ ভৱনৰ স্মৃতি সৌধত 'কা' আন্দোলনৰ পাঁচ শ্বহীদক স্মৃতি তৰ্পণ কৰা কাৰ্যৰ বিৰোধিতা কৰে । লগতে 'কা' আন্দোলনৰ শ্বহীদৰ ফটো সম্বলিত বেনাৰ কৃষক শ্বহীদ ভৱন প্ৰাংগণত পেলাই থৈ যোৱা বুলি অভিযোগ কৰি সেই কাৰ্যক দায়িত্বহীনতাৰ পৰিচয় দিয়া বুলি দোহাৰে ৷ ঘটনাৰ উচিত তদন্তৰ লগতে দোষীক শাস্তি প্ৰদানৰো দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: মঙলদৈত নৱনিৰ্মিত বনভোজস্থলীৰ শুভ উদ্বোধন স্থানীয় বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.