ETV Bharat / state

প্ৰদূষণৰ বিৰুদ্ধে বাইহাটাত প্ৰতিবাদ - কামৰূপ বাইহাটা

বাইহাটা ষ্টেচন য়াৰ্ডত উল্লেখিত প্ৰদূষিত সামগ্ৰীবিধ এচাম অসাধু ব্যৱসায়ীয়ে লোডিং আনলোডিঙৰ কাম আৰম্ভ কৰাৰ বাবে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলটো । ফলত যমৰ যাতনা ভুগিছে ষ্টেচনৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ বাসিন্দাসকলে

প্ৰদূষণৰ বিৰুদ্ধে বাইহাটাত প্ৰতিবাদ
author img

By

Published : Nov 13, 2019, 1:30 PM IST

Updated : Nov 13, 2019, 3:28 PM IST

কামৰূপ,13 নৱেম্বৰঃ কামৰূপৰ বাইহাটাত প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বুধবাৰে বাইহাটা ৰে'ল ষ্টেচনত চিমেন্ট নিৰ্মাণৰ কেঁচামাল কিলিংগাৰ গুড়িৰ লোডিং আনলোডিঙৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসীয়ে। শেহতীয়া ভাৱে বাইহাটা ষ্টেচন য়াৰ্ডত উল্লেখিত প্ৰদূষিত সামগ্ৰীবিধ এচাম অসাধু ব্যৱসায়ীয়ে লোডিং আনলোডিঙৰ কাম আৰম্ভ কৰাৰ বাবে ভয়াৱহ প্ৰদূষণৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলটো। ফলত যমৰ যাতনা ভুগিছে ষ্টেচনৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ বাসিন্দা সকলে। তথাপিতো ৰে'ল বিভাগ তথা স্থানীয় প্ৰশাসনে ইয়াৰ প্ৰতি কেৰেপ নকৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজে ৷

প্ৰদূষণৰ বিৰুদ্ধে বাইহাটাত প্ৰতিবাদ

ষ্টেচনত প্ৰতিদিনে ৰে'লেৰে অহা বিভিন্ন সামগ্ৰী উঠোৱা-নমোৱা হয় যদিও চিমেন্ট উৎপাদনত ব্যৱহৃত কেঁচামাল বিধৰ লোডিং আনলোডিঙে বৃহত্তৰ অঞ্চলটোত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখ্য যে,চিমেন্ট উৎপাদনত ব্যৱহৃত কেঁচামাল কিলিংগাৰ নামৰ গুড়িয়ে অঞ্চলটোত ধোঁৱাময় পৰিৱেশৰ সৃষ্টি কৰি জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে । দিনতে কুঁৱলীয়ে আৱৰা সদৃশ পৰিৱেশ বিৰাজ কৰিছে অঞ্চলটোত। ইফালে লোডিং আনলোডিঙত নিয়োজিত শ্ৰমিক সকলেও এই কামক লৈ মুঠেই সন্তুষ্ট নহয়। বহু কেইগৰাকী শ্ৰমিকৰ কাম কৰি থকা অৱস্থাতে শ্বাস-প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম হোৱা বুলিও অভিযোগ কৰে সংবাদ মাধ্যমক। অঞ্চলটোত এই সামগ্ৰী বিধৰ প্ৰদূষণৰ ফলত কেইবাটাও পশুধনৰো মৃত্যু হোৱাৰ অভিযোগ তুলিছে অঞ্চলবাসীয়ে ।

আৰু পঢ়কঃ-দুটা হাতী ৰহস্যজনক মৃত্য়ু আৰু বন বিভাগৰ অজ্ঞতা !

শ্ৰমিকসকলক কেইখন মান নিম্ন মানদণ্ডৰ মাক্স দিয়েই ব্যৱসায়ী গৰাকীয়ে দায়িত্ব সামৰিছে বুলিও ক্ষোভ উজাৰে শ্ৰমিকসকলে । ফলত এই কামক লৈ শ্ৰমিকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে ক্ষোভিত অঞ্চলবাসী আৰু একাংশ শ্ৰমিকে এনে প্ৰদূষিত সামগ্ৰীৰ লোডিং আনলোডিঙ বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী লোক সকলৰ দাবী শীঘ্ৰে এনে প্ৰদূষিত সামগ্ৰীৰ লোডিং আনলোডিঙ বাইহাটা ৰে'ল ষ্টেচনত বন্ধ কৰক। অন্যথা ইয়াৰ বিৰুদ্ধে সংগঠিত ৰূপত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ।

Intro:

V/O:---কামৰূপ জিলাৰ বাইহাটা ৰেল ষ্টেচনত চিমেন্ট নিৰ্মাণৰ কেচামাল কিলিংগাৰ গুড়িৰ লোডিং আনলোডিংৰ ফলত সৃষ্টি হোৱা প্ৰদূষণৰ বিৰুদ্ধে আজি অঞ্চলবাসী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । শেহতীয়া ভাৱে বাইহাটা ষ্টেচন য়াৰ্ডত উল্লেখিত প্ৰদূষিত সামগ্ৰীবিধ এচাম অসাধু ব্যৱসায়ীয়ে লোডিং আনলোডিংৰ কাম আৰম্ভ কৰাৰ বাবে ভয়াবহ প্ৰদূষণৰ কবলত পৰিছে বৃহত্তৰ অঞ্চলটো । ফলত ষ্টেচনৰ পাৰ্শ্ববৰ্তী গাঁৱৰ বাসিন্দা সকলে যমৰ যাতনা ভোগ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । তথাপিও কিন্তু ইয়াৰ প্ৰতি অকনমানো ভ্ৰুক্ষেভ নাই ৰেল বিভাগ তথা স্হানীয় প্ৰশাসনৰ । এই ষ্টেচনতে প্ৰতিদিনে ৰেলেৰে অহা বিভিন্ন সামগ্ৰী লোড্-আনলোড্ হয় যদিও চিমেন্ট উৎপাদনত ব্যৱহৃত কেচামাল বিধৰ লোডিং আনলোডিঙে বৃহত্তৰ অঞ্চলটোত এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে । উল্লেখ যে চিমেন্ট উৎপাদনত ব্যৱহৃত কেচামাল কিলিংগাৰ নামৰ গুড়িয়ে অঞ্চলটোত ধোৱাময় পৰিবেশৰ সৃষ্টি কৰি জনজীৱন সম্পূৰ্ণৰূপে স্তব্ধ কৰি তুলিছে । দিনতে কুৱলীয়ে আৱৰা সদৃশ পৰিবেশ বিৰাজ কৰিছে অঞ্চলটোত । ইফালে লোডিং আনলোডিঙত নিয়োজিত শ্ৰমিক সকলেও এই কামকলৈ মুঠেই সন্তুষ্ট নহয়। বহু কেইগৰাকী শ্ৰমিকৰ কাম কৰি থকা অৱস্থাতে শ্বাস -প্ৰশ্বাস বন্ধ হোৱাৰ উপক্ৰম হোৱা বুলিও অভিযোগ কৰিছে সংবাদ মাধ্যমক । গ্ৰাম্যাঞ্চলটোত এই সামগ্ৰী বিধৰ প্ৰদূষণৰ ফলত কেইবাটাও পশুধনৰ মৃত্যু হোৱাৰো অভিযোগ তুলিছে অঞ্চলবাসীয়ে । অন্যহাতে শ্ৰমিক সকলক কেইখন মান নিম্ন মানদণ্ডৰ মাক্স দিয়ে ব্যৱসায়ী গৰাকীয়ে দায়িত্ব সামৰিছে বুলিও ক্ষোভ উজাৰে শ্ৰমিকসকলে । যাৰফলত এই কামকলৈ শ্ৰমিকৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ বাবে আজি ক্ষোভিত অঞ্চলবাসী আৰু একাংশ শ্ৰমিকে এনে প্ৰদূষিত সামগ্ৰীৰ লোডিং আনলোডিঙ বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী লোক সকলৰ দাবী শীৰ্ঘে এনে প্ৰদূষিত সামগ্ৰীৰ লোডিং আনলোডিঙ বাইহাটা ৰেল ষ্টেচনত বন্ধ কৰক। অন্যথা ইয়াৰ বিৰুদ্ধে সংগঠিত ৰূপত তীব্ৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰ্হণ কৰাৰ হুংকাৰ প্ৰদান কৰে । এফালে চৰকাৰৰ প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ শ্লোগান আনফালে প্ৰদূষণকাৰী কেচা মালৰ পৰা ৰাজহ সংগ্ৰহ কৰা ব্যৱস্থাই সচেতন ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
Byte:---
Byte:---Body:.Conclusion:.
Last Updated : Nov 13, 2019, 3:28 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.