ৰঙিয়া, ২৯ জুনঃ সোমবাৰে মূল্যবৃদ্ধিৰ ৰোধ কৰাৰ দাবীৰে ৰঙিয়াৰ হাইৱে চকত প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৰ কৰ্মকৰ্তা সকলে । ৰাজ্যৰ যোগানমন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ সংগঠনটোৱে ।
মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি ভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে ৰঙিয়াৰ হাইৱে চক । লক ডাউনৰ সময়ত ৰাইজে আৰ্থিক অনাটনৰ সন্মুখীন হৈ থকাৰ সময়তে একাংশ ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰাৰ ক্ষেত্ৰত অতি শীঘ্ৰেই বিহীত ব্যৱস্থা ল'বলৈ দাবী জনালে আছুৰ কৰ্মকৰ্তা সকলে ।
লগতে পঢ়কঃ সোমবাৰে গুৱাহাটীৰ ৭জনকৈ আৰক্ষী জোৱান আক্ৰান্ত COVID-19ত