ETV Bharat / state

বিদেশীৰ নামত হাৰাশাস্তি কৰাৰ বিৰুদ্ধে ৰঙিয়াত প্ৰতিবাদ

স্বদেশীক বিদেশী সজোৱাৰ অভিযোগেৰে ৰঙিয়াত উত্তাল প্ৰতিবাদ ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তপ্ত প্ৰতিবাদস্থলী ৷ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত তথা অগপ আৰু চিপিএমৰ সহযোগত এই আন্দোলন ।

author img

By

Published : May 7, 2019, 3:38 PM IST

ৰঙিয়াৰ তুলসীবাৰীত উত্তপ্ত পৰিস্থিতি

ৰঙিয়া, 7 মে' : চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল ৰঙিয়াৰ তুলসীবাৰীৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ ৷ স্বদেশী নাগৰিকক বিদেশী সজাই হাৰাশাস্তি কৰি ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ অভিযোগেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত অগপ আৰু চিপিএমৰ সহযোগত বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ৷ ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ থকাৰ পাচতো বিদেশী সজাই আটক কৰাসকলক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী প্ৰতিবাদকাৰীসকলৰ ৷

ৰঙিয়াৰ তুলসীবাৰীত উত্তপ্ত পৰিস্থিতি

অভিযোগ অনুসৰি তুলসীবাৰীৰ 4 গৰাকীকৈ লোকক ভাৰতীয় হোৱাৰ উপযুক্ত নথি-পত্ৰ থকাৰ পাচতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ৷ প্ৰথমে তুলসীবাৰীৰ দিলীপ বিশ্বাস , সন্তোষ বিশ্বাস , মৰ্জিনা বেগম আৰু চাবেৰ আলীক সোমবাৰে সীমান্ত আৰক্ষীয়ে নথি-পত্ৰ পৰীক্ষণ কৰিব বুলি ৰঙিয়া থানালৈ মাতি নিয়ে । তাৰ পৰা কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়া হয় তেওঁলোকক । তাৰ পাচতে দিলীপ বিশ্বাস , মৰ্জিনা বেগম আৰু চাবেৰ আলীক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ বিপৰীতে সন্তোষ বিশ্বাসক বৰ্তমান কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে বুলি জানিব পৰা গৈছে ৷

ইপিনে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা দিলীপ বিশ্বাসৰ ১৯৬৬ চনৰ লিগেচি ডাটা,১৯৬৪ চনত মাটি ক্ৰয়ৰ দলিলৰ উপৰিও এন‌আৰচিৰ পূৰ্ণাংগ খচৰাত নাম থকাৰ পাচতো লোকজনক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাত ক্ষুব্ধ হৈ প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে । উল্লেখ্য যে, কেৱল দিলীপ বিশ্বাসৰেই নহয়, বাকী কেইগৰাকীৰো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ থকা বুলি মন্তব্য প্ৰতিবাদকাৰীসকলৰ ।

Intro:তুলসীবাৰীৰ দিলীপ বিশ্বাসক স্বদেশী নাগৰিকত্বৰ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ প্ৰতিবাদত আজি ৰঙিয়াৰ তুলসীবাৰীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে বাঙালী যুৱ-ছাত্র ফেডাৰেচনে।Body:SLUG:-RANGIA INDO-BHUTAN ROAD BLOCKED

V/O:-ৰঙিয়াৰ তুলসীবাৰীত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথ অৱৰোধ । স্বদেশীক বিদেশী সজোৱাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ । চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তপ্ত প্ৰতিবাদস্থলী । আৱদ্ধ শ শ যান-বাহন । চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰো বহু গাড়ী আৱদ্ধ । বাঙালী যুৱ-ছাত্র ফেডাৰেচনৰ উদ্যোগত এই আন্দোলন । অগপ আৰু চিপিএমৰো সহযোগ এই আন্দোলনত । তুলসীবাৰীৰ দিলীপ বিশ্বাসক স্বদেশী নাগৰিকত্বৰ উপযুক্ত নথি-পত্ৰ থকাৰ পিছতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে । ইয়াৰ উপৰি
তুলসীবাৰীৰ মৰ্জিনা বেগম আৰু চাবেৰ আলীকো পৰ্যাপ্ত নথি-পত্ৰ থকাৰ পিছতো ডিটেনচন কেম্পলৈ পঠোৱাৰ অভিযোগ প্ৰতিবাদকাৰী একাংশৰ । তুলসীবাৰী দিলীপ বিশ্বাস , সন্তোষ বিশ্বাস , মৰ্জিনা বেগম আৰু চাবেৰ আলীক সোমবাৰে সীমান্ত আৰক্ষীয়ে নথি-পত্ৰ পৰীক্ষণ কৰিব বুলি ৰঙিয়া থানালৈ মাতি নিয়ে । তাৰ পৰা কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়ে । তাৰ পিছতে দিলীপ বিশ্বাস , মৰ্জিনা বেগম আৰু চাবেৰ আলীক গোৱালপাৰাৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰে । আনহাতে সন্তোষ বিশ্বাসক বৰ্তমান কামৰূপ এছপিৰ কাৰ্যালয়ত ৰাখি থৈ দিয়া বুলি প্ৰতিবাদকাৰীয়ে অভিযোগ কৰে । ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা দিলীপ বিশ্বাসৰ ১৯৬৬ চনৰ লিগেচি ডাটা , ১৯৬৪ চনত মাটি ক্ৰয় কৰা দলিল , এন‌আৰচিৰ পূৰ্ণাংগ খচৰাত নাম থকাৰ পিছতো অন্যায়মূলকভাৱে ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰিছে । ইয়াৰ উপৰি বাকী কেইজনৰো ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ থকাৰ পিছতো ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে মঙলবাৰে এই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে আটাইকেইগৰাকীক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায় ।
Bite:-প্ৰতিবাদকাৰীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.