ETV Bharat / state

বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা এজেপিৰ

author img

By

Published : Feb 8, 2021, 3:57 PM IST

মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাজ্যৰ আঞ্চলিক দল অসম জাতীয় পৰিষদ ৷ চৰকাৰে বৰঝাৰ বিমানবন্দৰক আদানী গ্ৰুপৰ হাতত গতাই দি ব্যক্তিগতকৰণ কৰাৰ বিৰোধিতাৰে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতৃবৰ্গই ৷

protest-against-the-airport-privatization-by-ajp
বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ

আজাৰা,8 ফেব্ৰুৱাৰী: লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ ৷ যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে উত্তৰ-পূৱৰ বিমান প্ৰাধিকাৰীৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ কৰ্মকৰ্তাসকলে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনিৰে সংগঠনটোৰ শতাধিক কৰ্মীয়ে উত্তাল কৰি তোলে পৰিৱেশ ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰি AJP ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু উপ সভাপতি দুলু আহমেদে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা সম্পত্তিক ব্যক্তিগতকৰণ কৰি একাংশ পুঁজিপতিৰ হাতত গতাই দিব বিচৰা কাৰ্য কোনোপধ্যে গ্ৰহণ কৰা নহ'ব ৷ ইয়াৰ লগতে মোডী চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰালৈকে অনাগত দিনতো প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৰ্গই ৷

লগতে পঢ়কঃ ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত হোৱাৰ দিশে ৰাফেল যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.