ETV Bharat / health

শৰীৰ অসুস্থ হৈ থাকিলে ব্যায়াম কৰিব লাগেনে ? - EXERCISE AND ILLNESS

আমাৰ মাজত বহু লোক এনে আছে যিয়ে দৈনিক ব্যায়াম কৰে ৷ কিন্তু অসুস্থ হৈ থাকিলে ব্যায়াম কৰিব পাৰিনে ? আজি এইবিষয়ে জানি লও আহক-

Exercising with a Fever: Is It Good or Bad for Your Health?
শৰীৰ অসুস্থ হৈ থাকিলে ব্যায়াম কৰিব লাগেনে ? (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Nov 5, 2024, 3:37 PM IST

শৰীৰ-মন সুস্থ কৰি ৰখাত ব্যায়ামৰ ভূমিকা অপৰীসীম ৷ বহু লোক এনে আছে, যিসকল ব্যায়ামৰ প্ৰতি আসক্ত ৷ তেওঁলোকে শৰীৰ ভালে নাথাকিলেও ব্যায়াম কৰে ৷ কিন্তু অসুস্থ হৈ থাকিলে ব্যায়াম কৰাতো প্ৰয়োজনীয় নে ?

বিশেষজ্ঞৰ মতে, অসুস্থ হৈ থাকিলে ব্যায়াম কৰাতো উচিত নহয় ৷ যদি মূৰৰ পৰা ডিঙিলৈকে বিষ হয়, তেন্তে কিছুমান ব্যায়াম আপুনি কৰিব পাৰে ৷ কিন্তু যদি আপুনি পেশীৰ বিষ বা হৃদস্পন্দন বৃদ্ধিৰ দৰে লক্ষণ অনুভৱ কৰে, তেতিয়া বুজিব যে আপোনাৰ শৰীৰে সংক্ৰমণৰ সৈতে যুঁজিবলৈ অধিক কষ্ট কৰিবলগা হৈছে আৰু এনে অৱস্থাত ব্যায়াম কৰিলে ই আৰোগ্য হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে ৷

জ্বৰ হ’লেও ব্যায়াম কৰিব নালাগে ৷ ব্যায়ামে শৰীৰৰ তাপমাত্ৰা বৃদ্ধি কৰিব পাৰে ৷ সেয়েহে শৰীৰক বিশ্ৰাম দিয়াটো ভাল ৷ব্যায়াম কৰাৰ সলনি নিজকে হাইড্ৰেটেড কৰি অলপ বিশ্ৰাম কৰিব ৷ কোনো ৰোগৰ পৰা আৰোগ্য হোৱাৰ পাছত বা শৰীৰত পৰ্যাপ্ত শক্তি নাথাকিলে আমিবোৰ দুৰ্বল হৈ পৰো ৷ এনে পৰিস্থিতিত পেশীক সক্ৰিয় ৰাখিবলৈ পাতল ব্যায়াম বা লাহে লাহে আপুনি খোজ কাঢ়িব পাৰে ৷ কিন্তু গধুৰ ব্যায়াম একেবাৰে নকৰিব ৷ দুৰ্বলতাৰ সময়ত শৰীৰক পৰ্যাপ্ত বিশ্ৰাম, পুষ্টি আৰু হাইড্ৰেচনৰ প্ৰয়োজন হয়, যাতে শৰীৰৰ শক্তি পুনৰ ঘূৰি আহিব পাৰে ৷

এইসমূহ কথা মনত ৰাখিব

  • যদি আপুনি অত্যধিকভাগৰ অনুভৱ কৰে, শৰীৰটোক বিশ্ৰাম দিব ৷ শৰীৰৰ শক্তি স্বাভাৱিক হোৱাৰ পিচতহে ব্যায়াম কৰিব লাগে ৷
  • জ্বৰ আৰু দুৰ্বলতাৰ সময়ত পৰ্যাপ্ত পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ ৷ ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু দুৰ্বলতা উপশম কৰাত সহায় কৰিব ৷
  • জ্বৰ আৰু দুৰ্বলতাৰ সময়ত শক্তি ঘূৰাই পাবলৈ শৰীৰক পৰ্যাপ্ত বিশ্ৰাম আৰু টোপনিৰ প্ৰয়োজন হয় ৷ ই আপোনাক দ্ৰুততাৰে সুস্থ কৰাত সহায় কৰিব ৷
  • স্বাস্থ্যকৰ আৰু পাতল খাদ্য খোৱাটোৱে শৰীৰক প্ৰয়োজনীয় পুষ্টি প্ৰদান কৰাৰ লগতে দুৰ্বলতা হ্ৰাস কৰে ৷এই সময়ত আপোনাৰ বাবে ফল, পাচলি, চুপ আৰু মচুৰ দাইলৰ দৰে খাদ্য আপোনাৰ বাবে উপকাৰী হ'ব পাৰে ৷

ব্যায়াম পুনৰ আৰম্ভ কৰাৰ সময়

যেতিয়া আপোনাৰ জ্বৰ আৰোগ্য হয় আৰু আপুনি স্বাভাৱিক অনুভৱ কৰে, লাহে লাহে আপোনাৰ ব্যায়ামৰ ৰুটিন আৰম্ভ কৰিব ৷ প্ৰথম কেইদিনমানত পাতল ব্যায়াম আৰু তাৰ পিচত লাহে লাহে পূৰ্বৰ দৰে ব্যায়াম কৰিব পাৰিব ৷ জ্বৰ বা দুৰ্বলতাৰ পিচত শৰীৰক সম্পূৰ্ণৰূপে আৰোগ্য হ'বলৈ সময় দিব ৷ প্ৰথমে শৰীৰটোক বুজি সম্পূৰ্ণ স্বাস্থ্যৱান অনুভৱ কৰাৰ পাছতহে ব্যায়াম আৰম্ভ কৰিব ৷

https://www.webmd.com/cold-and-flu/features/exercising-when-sick

লগতে পঢ়ক: ব্যায়াম কৰিও ওজন কমাব পৰা নাই ? তেন্তে শৰীৰত হ’ব পাৰে এইবিধ বস্তুৰ অভাৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.