ETV Bharat / entertainment

অস্কাৰ 2025 ৰ বাবে যোগ্যতা অৰ্জন কান্নাড়া চুটি ছবিৰ - INDIAN FILMS 97TH ACADEMY AWARDS

2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত বিজয়ী হোৱাৰ পিছত এই ছবিখনে এতিয়া অস্কাৰ 2025 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

Kannada short film sunflowers were the first ones to know qualifies for oscar 2025
কান্নাড়া চুটি ছবি ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ (Movie Poster)
author img

By ETV Bharat Entertainment Team

Published : Nov 5, 2024, 4:08 PM IST

হায়দৰাবাদ : 2025 চনৰ 97 সংখ্যক অস্কাৰ একাডেমী বঁটাত ভাৰতীয় ছবিয়ে আধিপত্য বিস্তাৰ কৰিবলৈ আগবাঢ়িছে । শেহতীয়াকৈ আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাও পৰিচালিত সামাজিক ছবি ‘লাপাতা লেডীজ’ নিৰ্বাচিত হৈছে আৰু এতিয়া ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ নামৰ চুটি ছবিখনে 2025 চনৰ অস্কাৰ লাভ কৰিবলৈ গৈ আছে ! 2024 চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত জয়লাভ কৰিছিল ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ ছবিখনে । এতিয়া কান্নাড়া চুটি ছবি ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ এ 2025 চনৰ অস্কাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।

কোনটো শিতানত নিৰ্বাচিত হৈছে ছবিখন ?

‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ এ ‘লাইভ একশ্যন শ্বৰ্ট ফিল্ম কেটেগৰী’ত অস্কাৰ 2025 ৰ বাবে যোগ্যতা অৰ্জন কৰিছে । ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ প্ৰযোজনা ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ । 4 নৱেম্বৰত এফ টি আই আয়ে ছ’চিয়েল মিডিয়াত এই ভাল খবৰটো দৰ্শকৰ সৈতে শ্বেয়াৰ কৰে । এফ টি আই আয়ে নিজৰ পোষ্টত লিখিছে, “ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ 2025 চনৰ অস্কাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে লাইভ একশ্যন চুটি ছবি শাখাত ।”

উল্লেখ্য যে, ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ ছবিখনৰ কাহিনী অতি মৰ্মস্পৰ্শী ৷ এই ছবিখন এগৰাকী বৃদ্ধ মহিলাৰ ওপৰত আধাৰিত যিয়ে এটা কুকুৰা চুৰি কৰে ।

2024 চনৰ কাঁত জিলিকিছিল ছবিখন

ইয়াৰ পূৰ্বে কাঁ চলচ্চিত্ৰ মহোৎসৱ 2024 ত ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’এ ‘লা চিনেফ বঁটা’ লাভ কৰিছিল । বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত জয়লাভ কৰাৰ পিছত কাঁ ত ছবিখনে জয়লাভ কৰে । ‘ছানফ্লাৱাৰছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান টু নো’ ছবিখনৰ পৰিচালক চিদানন্দ এছ নায়ক আৰু কেমেৰামেন সুৰজ ঠাকুৰ ৷ মনোজ ভিয়ে ছবিখনৰ সম্পাদনাৰ কাম কৰিছে । ছবিখনৰ সংগীত অভিষেক কদমৰ ।

লগতে পঢ়ক : অস্কাৰ 2025 ৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি কিৰণ ৰাওৰ লাপাতা লেডীজৰ - Laapataa Ladies in Oscars 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.