ETV Bharat / state

উচ্চস্তৰীয় সমিতিৰ তালিকা সাহিত্য সভাৰ বাবে অশনি সংকেত: ডঃ অনিল শইকীয়া

সংবাদ মাধ্যমত ওলোৱা তালিকাখন কেতিয়াও গ্ৰহণযোগ্য নহয়, এয়া সাহিত্য সভাৰ বাবে অশনি সংকেত । অসম সাহিত্য সভাৰ বিষয়বাবকেন্দ্ৰিক সংঘাত সন্দৰ্ভত ডঃ অনিল শইকীয়া ।

Assam Sahitya Sabha election
অসম সাহিত্য সভা সন্দৰ্ভত ডঃ অনিল শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 3:36 PM IST

মৰাণ : অসম সাহিত্য সভাৰ নিৰ্বাচনক লৈ আৰম্ভ হৈছে ব্যাপক বিৰ্তক । একাংশ অ-সাহিত্যিকে অসম সাহিত্য সভাৰ ইতিহাসত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ উঠি-পৰি লাগিছে । একাংশৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ হাতোৰাত বন্দী হৈছে অসম সাহিত্য সভা ।

বিষয়বাবকেন্দ্রিক লালসাত এচাম অ-সাহিত্যিকৰ দপদপনিত অসমৰ বৃহৎ জাতীয় অনুষ্ঠানটো ধ্বংসৰ দিশে গতি কৰিছে । কিছু বছৰৰ পৰা সাহিত্য সভাৰ এই দৃশ্যাৱলী অসমৰ ৰাইজে দেখি আহিছে । ইয়াৰ মাজতে মঙলবাৰে অসম সাহিত্য সভাৰ বিষয়বাবকেন্দ্ৰিক সংঘাতক লৈ মৰাণত বিশিষ্ট সাহিত্যিক ডঃ অনিল শইকীয়াই সাংবাদিকৰ আগত মন্তব্য কৰিছে ।

অসম সাহিত্য সভা সন্দৰ্ভত ডঃ অনিল শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ কয়, "সংবাদ মাধ্যমত সাহিত্য সভাৰ যিখন তালিকা ওলাইছে সেই তালিকা আমাৰ বাবে অতি দুৰ্ভাগ্যজনক তালিকা । এই তালিকা কেতিয়াও গ্ৰহণযোগ্য নহয় । যিখন তালিকা প্ৰকাশ হৈছে সেই তালিকাত থকা দুই-তিনিজন ব্যক্তি সংবিধানৰ বিধান মতে আহিব নালাগিছিল ।"

তেওঁ লগতে কয়, "৩১ অক্টোবৰত উচ্চস্তৰীয় সমিতিয়ে এখন তালিকা প্ৰকাশ কৰাটো সত্য । সেই তালিকাত উচ্চস্তৰীয় দুজন ব্যক্তিৰ নাম আমি পাইছোঁ । এই তালিকা গোপনে ৰখাৰ কথা কৈছিল । কিন্তু ৫ জনীয়া তালিকাৰ দুজনে গমেই পায় গ'ল । বাকী তিনিজনহে থাকি গ'ল । তেন্তে গোপনীয়তা ক'ত থাকিল ।"

সাহিত্য সভাই গঠন কৰা উচ্চস্তৰীয় সমিতিখনক সমালোচনা কৰি তেওঁ কয়, "উচ্চস্তৰীয় সমিতিখনে ইয়াৰ দ্বাৰা বিশ্বাস নামৰ শব্দটোক কুঠাৰঘাত কৰিলে । সেয়ে এই তালিকা সাহিত্য সভাৰ বাবে অশনি সংকেত ।"

অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক, প্ৰাক্তন মুখপাত্ৰ তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ অনিল শইকীয়াই লগতে কয়, "শিৱসাগৰ জিলাই মোক অসম সাহিত্য সভাৰ উপ-সভাপতি পদৰ বাবে প্ৰক্ষেপ কৰিছে । কিন্তু সাহিত্য সভাৰ নতুন তালিকাখন চাইহে মই মনোনয়ন দাখিল কৰিম ।"

লগতে পঢ়ক :সাহিত্যৰ ৰাজনীতিৰ ক’লা অধ্যায়; সভাপতি হ'ব কোন ?
লগতে পঢ়ক :অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বাবে কোনে কোনে সংগ্ৰহ কৰিলে মনোনয়ন পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.