ETV Bharat / sports

মহিলা নহয় পুৰুষহে; চিকিৎসা বিজ্ঞানে উদঙালে স্বৰ্ণজয়ী বক্সাৰ ইমানে খালিফৰ প্ৰকৃত সত্য - IMANE KHELIF MEDICAL REPORT

Algerian boxer iman khalif: আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ সন্দৰ্ভত পোহৰলৈ আহিল প্ৰকৃত সত্য ৷ চিকিৎসা বিজ্ঞানে পোহৰলৈ আনিলে এই সত্য ৷

IMANE KHELIF MEDICAL REPORT
আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফ (AP Photo)
author img

By ETV Bharat Sports Team

Published : Nov 5, 2024, 3:51 PM IST

স্প’ৰ্টছ ডেস্ক: পেৰিছ অলিম্পিক 2024 ৰ স্বৰ্ণপদক বিজয়ী এগৰাকী বক্সাৰৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক বৃহৎ খবৰ ৷ যি খবৰে হতবাক কৰি তুলিছে সকলো ক্ৰীড়াপ্ৰেমীক ৷

প্ৰকাশ পাইছে আলজেৰিয়াৰ বক্সাৰ ইমানে খালিফৰ মেডিকেল ৰিপ’ৰ্ট ৷ এই ৰিপ’ৰ্টত উল্লেখ কৰা তথ্যৰ বাবে বিশ্বৰ ক্ৰীড়াপ্ৰেমী লোকসকল স্তম্ভিত হৈ পৰে ৷ চিকিৎসা বিজ্ঞানে প্ৰকাশ কৰা অনুসৰি, বক্সাৰগৰাকীৰ শৰীৰৰ অধিকাংশ অংগতে দেখা হৈছে পুৰুষসুলভ লক্ষণ ৷

ইমানে খালিফ পুৰুষ নে মহিলা ?

চিকিৎসা বিজ্ঞানৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছৰে পৰা সৃষ্টি হৈছে বিতৰ্কৰ । বিগত পেৰিছ অলিম্পিকত ইমানে খালিফ মহিলাৰ শাখাত খেলত অংশগ্ৰহণ কৰিছিল ৷ সেই সময়ত প্ৰতিদ্বন্দ্বী আন আন মহিলা বক্সাৰসকলে খালিফৰ বিৰুদ্ধে খেলাৰ ক্ষেত্ৰত দৰ্শাইছিল আপত্তি ৷

আন আন মহিলা বক্সাৰসকলে আপত্তি দৰ্শাইছিল যে, খালিফে মৰা পাঞ্চটো মহিলাৰ সলনি পুৰুষৰ পাঞ্চৰ দৰে দৃঢ় অনুভৱ হৈছিল ৷ তেতিয়াৰ পৰা সমগ্ৰ অলিম্পিকতে এই সন্দৰ্ভত যথেষ্ট বিতৰ্কৰ সূত্ৰপাত ঘটিছিল । তেওঁক অনুৰাগীসকলে সামাজিক মাধ্যমত ট্ৰ’ল কৰিছিল আৰু এজন পুৰুষ বুলি গণ্য কৰিছিল ৷

পৰৱৰ্তী সময়ত এই বিবাদ যথেষ্ট বৃদ্ধি পাইছিল । শেহতীয়াকৈ প্ৰকাশ পোৱা চিকিৎসা বিজ্ঞানৰ ৰিপ’ৰ্টত খেলুৱৈগৰাকী মহিলাৰ বিপৰীতে পুৰুষ বুলিহে উল্লেখ কৰা হৈছে ৷

প্ৰতিবেদন অনুসৰি ইমানে খালিফৰ শৰীৰত আভ্যন্তৰীণ অণ্ডকোষ আৰু X-Y ক্ৰম’জম (পুৰুষ ক্ৰম'জম) পোৱা গৈছে ৷ যিয়ে খেলুৱৈগৰাকীক পুৰুষ বুলি প্ৰতিপন্ন কৰে ৷ ইমানৰ চিকিৎসা প্ৰতিবেদনত পোৱা 5-আলফা ৰিডাকটেজে অপ্ৰত্যাশা নামৰ এক বিকাৰক চিহ্নিত কৰে ৷

তদুপৰি ইমানৰ শৰীৰত জৰায়ুৰ অনুপস্থিতি প্ৰত্যক্ষ কৰা হৈছে ৷ ৰেডুক্স প্ৰতিবেদন অনুসৰি, এম আৰ আইত ইমানেৰ মাইক্ৰ'পেনিসৰ উপস্থিতিও প্ৰকাশ পাইছে ।

এই প্ৰতিবেদনবোৰ প্ৰকাশ হোৱাৰ পিছত পুনৰ এবাৰ অনুৰাগীসকলে সামাজিক মাধ্যমত বক্সাৰগৰাকীৰ সন্দৰ্ভত প্ৰকাশ কৰিছে ভিন্ন প্ৰতিক্ৰিয়া ৷ যিসকল অনুৰাগীয়ে পূৰ্বে বক্সাৰগৰাকীক সমৰ্থন জনাইছিল, তেওঁলোকেও এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত বিৰুদ্ধাচৰণ কৰা দেখা যায় ৷

এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অলিম্পিক সমিতিয়ে স্বৰ্ণপদক বিজয়ী খেলুৱৈগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয় ৷ অলিম্পিকৰ ইতিহাসত এনে ঘটনা পূৰ্বতেও সংঘটিত হৈছে ৷ বিভিন্ন প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অলিম্পিক সমিতিয়ে খেলুৱৈসকলৰ পৰা তেওঁলোকে লাভ কৰা পদকসমূহ ঘূৰাই লোৱা দেখা যায় ৷

লগতে পঢ়ক: জৈৱিক পুৰুষ ! অলিম্পিকৰ মহিলা বক্সাৰক লৈ তোলপাৰ ছ'চিয়েল মিডিয়া - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.