ETV Bharat / state

লাম্পীত বিগত ৫১ বছৰে অব্যাহত আছে সীমা সমস্যা: অৰ্জুন ছেত্ৰী

বকোত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ৷ বকোৰ ভানু ভৱনত অনুষ্ঠিত উক্ত সংবাদমেলত অসম-মেঘালয়ৰ সমীপৱৰ্তী লাম্পীৰ সীমা সমস্যাক কেন্দ্ৰ কৰি অসম চৰকাৰ আৰু ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে জাঙোৰ খাই উঠে সন্থাটোৱে ৷

author img

By

Published : Aug 16, 2020, 1:11 PM IST

Pressmeet of AAGSU Boko kamrup assam etv bharat news
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সংবাদমেল অনুষ্ঠিত

বকো,16 আগষ্ট: দক্ষিণ কামৰূপৰ বকোত শনিবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ৷ বকোৰ ভানু ভৱনত অনুষ্ঠিত উক্ত সংবাদমেলত অসম-মেঘালয়ৰ সমীপৱৰ্তী লাম্পীৰ সীমা সমস্যাক কেন্দ্ৰ কৰি অসম চৰকাৰ আৰু ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ বিৰুদ্ধে জাঙুৰ খাই উঠে সন্থাটোৱে ৷ লাম্পীত বিগত বৃহস্পতিবাৰে সংঘটিত হোৱা মৰ্মান্তিক ঘটনাৰ পিছতে গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য কমিটিৰ বিশজনীয়া এটি দলে সন্মিলিত লাচিত সেনা অসমৰ সভাপতি আৰু সদৌ ৰাভা ছাত্ৰ সন্থাৰ অৱসৰপ্ৰাপ্ত সভাপতি ৰমেন সিং ৰাভাৰ সৈতে শনিবাৰে লাম্পীত উপস্থিত হৈ ৰাইজৰ সৈতে অঞ্চলটোৰ পৰিৱেশ সম্পৰ্কে মত বিনিময় কৰে ৷

উল্লেখ্য যে,চলিত মাহৰে বিগত বৃহস্পতিবাৰে লাম্পীৰ নিকটৱৰ্তী মাকৈবাৰী আৰু সুন্দৰপুৰ গাঁৱৰ ৰাইজে মাকৈবাৰী-সুন্দৰপুৰ সংযোগী পথটোৰ মেৰামতি কৰি থকা অৱস্থাত মেঘালয় আৰক্ষী উক্ত স্থানত উপস্থিত হৈ উক্ত স্থান মেঘালয়ৰ বুলি দাবী কৰি ৰাস্তাৰ কাম বন্ধ কৰি দিয়ে । লগতে এই কামত নিয়োজিত তিনিগৰাকী বনুৱা আৰু দুগৰাকী স্থানীয় যুৱকক গুৰুতৰভাৱে প্ৰহাৰ কৰি মেঘালয়লৈ লৈ যায় যদিও নিশা মুকলি কৰি দিয়ে ৷

গোৰ্খা ছাত্ৰ সন্থাই সংবাদমেলখনৰ জৰিয়তে হুংকাৰ প্ৰদান কৰে যে পৰৱৰ্তী তিনিদিনৰ ভিতৰত ৰাজ্য চৰকাৰে দোষীক শাস্তি প্ৰদান নকৰিলে অসম-মেঘালয় সীমান্তত অৰ্থনৈতিক অৱৰোধ আৰম্ভ কৰিব সন্থাটোৱে । সন্থাৰ সভাপতি অৰ্জুন ছেত্ৰীয়ে ক্ষোভেৰে প্ৰকাশ কৰে যে, ৰাজ্য চৰকাৰৰ সীমা সমস্যা সমাধানৰ বাবে কোনো সদিচ্ছা নাই যাৰ বাবে লাম্পীত বিগত ৫১ বছৰে অব্যাহত আছে সীমা সমস্যা ৷ মাটি-ভেটি ৰক্ষা কৰাৰ শ্লোগান দিয়া চৰকাৰে প্ৰকৃতাৰ্থত মাটি-ভেটি ৰক্ষা কৰিব পৰা নাই ৷ ১৯৭২ চনতে অসম-মেঘালয় বিভাজন হোৱাৰ পিছত আজিপৰ্যন্ত অঞ্চলটোত নাই এখনো চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় ৷ লাম্পীত পূৰ্বে এখন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল যদিও বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে কোনো বেতন অবিহনে অৱসৰ গ্ৰহণ কৰে ৷ অৱসৰৰ পিছতো প্ৰধান শিক্ষক গৰাকীয়ে লাভ কৰা নাই কোনো পেঞ্চন ৷

লগতে চাওকঃ নিজ পিতৃ-মাতৃক মৰিয়াই হত্যা কৰিলে পুত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.