ETV Bharat / state

ইটিভি বাতৰিৰ প্ৰভাৱ: ৰঙিয়া পলিক্লিনিক হস্পিতাল কৰ্তৃপক্ষৰ সংবাদমেল - ৰঙিয়া প্ৰছক্লাব

ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত চিকিৎসালয় খনৰ চিকিৎসক বেদশ্ৰী কাশ‍্যপে কয় যে, কল্পনা চৌধুৰীয়ে সম্পূৰ্ণ পৰিকল্পনা কৰি হস্পিতাল খনৰ বিৰুদ্ধে মিছা অভিযোগ আনিছে ৷

pressmeet at rangia policlinic hospital regarding  one pregnant women social media alligation
ইটিভি বাতৰিৰ প্ৰভাবঃ ৰঙিয়া পলিক্লিনিক হস্পিটাল কৰ্তৃপক্ষৰ সংবাদমেল
author img

By

Published : Sep 23, 2020, 10:34 PM IST

ৰঙিয়া,23 ছেপ্তেম্বৰঃ ৰঙিয়াৰ পলিক্লিনিক হস্পিতালৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি মঙলবাৰে এগৰাকী মহিলাই ছ'চিয়েল মিডিয়া যোগে এটি ভিডিঅ’ প্ৰচাৰ কৰাৰ পিছতে বুধবাৰে হস্পিতাল কৰ্তৃপক্ষই এক সংবাদমেলৰ আয়োজন কৰে । উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাৰ বিষয়ে মঙলবাৰে ইটিভি ভাৰত, অসমে সবিস্তাৰে বাতৰি পৰিবেশন কৰিছিল ৷

অৱশেষত ৰঙিয়া প্ৰেছ ক্লাবত বুধবাৰে আয়োজিত সংবাদমেলত চিকিৎসালয় খনৰ চিকিৎসক বেদশ্ৰী কাশ‍্যপে কয় যে, কল্পনা চৌধুৰীয়ে সম্পূৰ্ণ পৰিকল্পনা কৰি হস্পিতালখনৰ বিৰুদ্ধে এই মিছা অভিযোগ আনিছে। লগতে তেঁও জানিবলৈ দিয়ে যে, আগৰ পৰাই প্ৰসৱ বেদনা আহি থকা মহিলা গৰাকী একেবাৰে অন্তিম সময়ত চিকিৎসালয়ত উপস্থিত হৈছিল। কিন্তু তেঁও একেবাৰে অন্তিম সময়তহে চিকিৎসালয়ত উপস্থিত হোৱা বাবে মাত্ৰ সাত মিনিটৰ পিছতেই সন্তানটিৰ জন্ম হৈছিল।

ইটিভি বাতৰিৰ প্ৰভাবঃ ৰঙিয়া পলিক্লিনিক হস্পিটাল কৰ্তৃপক্ষৰ সংবাদমেল

আনহাতে চিকিৎসক গৰাকীয়ে উল্লেখ কৰে যে, মহিলা গৰাকীৰ তেজত হিম'গ্লবিনৰ পৰিমানো যথেষ্ট কম আছিল। গৰ্ভত পূৰ্বেই সন্তানটিৰ মৃত্যু হোৱাৰ লগতে মহিলা গৰাকীৰ নিৰ্দিষ্ট তাৰিখতকৈ এমাহ পূৰ্বেই প্ৰসৱ বেদনা আৰম্ভ হৈছিল । তাৰ বিপৰীতে গোচৰ দিয়াৰ সন্দৰ্ভত কয় যে ,মহিলা গৰাকীয়ে ডাক্টৰ আৰু হস্পিতালৰ কৰ্মচাৰীৰ লগত দু-ৰ্ব‍্যৱহাৰ কৰাৰ লগতে হস্পিতালৰ বিল আদায় দিয়া নায় । বৰ্তমান সমগ্ৰ বিষয়টো ৰঙিয়া ন‍্যায়িক দণ্ডাধীশৰ অধীনত বিচাৰাধীন হৈ আছে।

লগত পঢ়কঃ নগাঁও আৰক্ষীৰ জালত আন্তঃৰাজ্যিক এ টি এম লুট চক্ৰৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.