ETV Bharat / state

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Jul 31, 2019, 4:06 AM IST

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত বুধবাৰে প্ৰদান কৰা হ'ব নটসূৰ্য ফণী শৰ্মা বঁটা ৷

নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি

ৰঙিয়া,31 জুলাইঃ ৰঙিয়াত চলিছে নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব্যাপক প্ৰস্তুতি ৷ প্ৰথিতযশা নাট্যশিল্পী দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক প্ৰদান কৰা হ'ব ২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা ৷ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত বুধবাৰে দিনৰ 2.30 বজাত ৰঙিয়া পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব বঁটা প্ৰদান অনুষ্ঠান ৷ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷

লক্ষণীয় যে, স্ব-প্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তিস্বৰূপ ।

১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে 'পিগমেলিয়ন', 'ইন্সপেক্টৰ জেনেৰেল', 'ওৱেইটিং ফৰ্ গড', 'অন্ধ যুগ' আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰি খ্যাতি লাভ কৰিছে । ইতিমধ্যে, বিশিষ্ট শিল্পী জনে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান ।

একেদৰে, ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান । ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে । ২০১৭ চনত শিল্পী গৰাকীয়ে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা ।

Intro:ৰঙিয়াত চলিছে নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰদানৰ ব‍্যাপক প্ৰস্তুতিBody:২০১৯ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা এইবাৰ বুধবাৰে প্ৰথিতযশা নাট্যশিল্পী দুলাল ৰয় আৰু আৰতি দাস বৈৰাগীক ৰঙিয়াত প্ৰদান কৰা হ'ব।অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা প্ৰশাসনৰ সহযোগত বুধবাৰে দিনৰ আঢ়ৈ বজাত ৰঙিয়া পেৰেড গ্ৰাউণ্ডত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল । অনুষ্ঠানত উপস্থিত থাকিব সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা। অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তুলিবলৈ জিলা আৰু মহকুমা প্ৰশাসনে ব্যাপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
লক্ষণীয় যে, স্বপ্ৰতিভাৰে মহীয়ান অভিনেতা, নাট্যকাৰ, পৰিচালক তথা অসমৰ সাংস্কৃতিক জগতৰ মহীৰূহ নটসূৰ্য ফণী শৰ্মাৰ সোঁৱৰণত আগবঢ়োৱা বঁটাৰ বাবে মনোনীত দুলাল ৰয় হৈছে অসমৰ নাট্য আন্দোলনৰ জীৱন্ত কিম্বদন্তিস্বৰূপ । ১৯৪৩ চনত গুৱাহাটীত জন্ম গ্ৰহণ কৰা দিল্লীৰ 'ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়'ৰ স্নাতক ডিগ্ৰীধাৰী দুলাল ৰয়ে পিগমেলিয়ন, ইন্সপেক্টৰ জেনেৰেল, ওৱেইটিং ফৰ্ গড, অন্ধ যুগ আদিকে ধৰি বৰ্তমানলৈকে বহু নাটক পৰিচালনা কৰি খ্যাতি লাভ কৰিছে । ইতিমধ্যে বিশিষ্ট শিল্পী জনে লাভ কৰিছে সংগীত নাটক একাডেমী বঁটা, নাট্য ভাস্কৰ আদি সন্মান । একেদৰে, ১৯৪৩ চনত জন্মগ্ৰহণ কৰা আৰতি দাস বৈৰাগীয়েও অসমীয়া নাট্য জগতলৈ আগবঢ়াইছে গুৰুত্বপূৰ্ণ অৱদান । ১৯৬৯ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাত যোগদান কৰা বিশিষ্ট নাট্যশিল্পী বৈৰাগীয়ে বহু নাট ৰচনা কৰাৰ উপৰিও বিভিন্ন ভাষাৰ বহু নাটক অসমীয়ালৈ অনুবাদ কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰিছে । ২০১৭ চনত শিল্পী গৰাকীয়ে লাভ কৰে শিল্পী প্ৰাণ মাখন দেৱান স্মাৰক বঁটা ।
ইফালে মুখ্যমন্ত্ৰীৰ আগমনক লৈ আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । বিশেষকৈ বাহন সমূহত তালাচী চলাই আৰক্ষীয়ে সতৰ্ক দৃষ্টি ৰাখিছে ।
Byte : মহকুমাধিপতিConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.