ETV Bharat / state

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দোৱা নৈপৰীয়া ৰাইজৰ - গৰাখহনীয়া প্ৰতিৰোধ

দক্ষিণ কামৰূপৰ বকোৰ পানীখাইটিবাসী ৰাইজৰ দুৰ্দশা ৷ ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়াত জাহ গৈছে গাঁওখনৰ বহুকেইটা পৰিয়াল ৷ চৰকাৰ-প্ৰশাসনৰ গুৰুত্ব নোহোৱাৰ বাবে ব্ৰহ্মপুত্ৰৰ পৰা পৰিত্ৰাণ পাবলৈ নেদেখজনৰ শৰনাপন্ন হৈ বৰলুইতক কাতৰ আৰাধনা কৰিছে ভুক্তভোগী ৰাইজে ৷

as_boko_pray_for_preventing_river_erosion_vis1_ASC10052
গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দোৱা
author img

By

Published : Jun 11, 2021, 2:37 PM IST

বকো,10 জুন : মহাবাহুৰ সংহাৰী ৰূপত ভীতিগ্ৰস্ত হৈ নিৰুপায় হৈ পৰিছে দক্ষিণ কামৰূপৰ বকোৰ পানীখাইটিবাসী ৰাইজ । ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰৰ পৰিৱৰ্তে নেদেখাজনক আৰাধনা কৰিছে নৈপৰীয়া লোকসকলে । উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই বকোৰ সোণতলী পানীখাইটিত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া চলি আছে ।

গৰাখহনীয়া প্ৰতিৰোধৰ বাবে দোৱা নৈপৰীয়া ৰাইজৰ

বৰলুইতৰ তীব্ৰ খহনীয়াত ভেটি-মাটি সৰ্বস্ব হেৰুৱাই ইতিমধ্যে আশ্ৰয়হীন হ’বলগীয়া হৈছে বহুকেইটা পৰিয়াল । গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাত কামৰূপ জিলা জমিয়তৰ পৰা এক দোৱা-প্ৰাৰ্থনাৰ আয়োজন কৰে খহনীয়াগ্ৰস্ত লোকসকলে ৷

বৰলুইতক ৰুধিবলৈ চৰকাৰ-প্ৰশাসনে প্ৰতিবছৰে অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও সেয়া সোণতলীৰ ক্ষেত্ৰত ফুটুকাৰ ফেনত পৰিণত হোৱা লেখীয়া হৈছে । গতিকে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত নতুন চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে নাই, সেয়া সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : স্বৰাজোত্তৰ কালৰ উন্নয়নৰ বিপৰীত ছবি কঢ়িওৱা এখন গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.