ETV Bharat / state

গুৱাহাটীত ব্যৱহৃত পিপিই কিট উদ্ধাৰৰ পুনৰাবৃত্তি

author img

By

Published : May 22, 2020, 5:56 PM IST

শুকুৰবাৰে পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত আৰু ছয়গাঁৱৰ কৈমাৰীত উদ্ধাৰ ব্যৱহৃত পি পি কিট ৷ নিশাৰ ভাগত দুৰ্বৃত্তই কিটটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ অঞ্চলবাসীৰ ৷ বিভাগীয় কৰ্তৃপক্ষক তদন্ত কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ।

গুৱাহাটীত পুনৰ ব্যৱহৃত পিপিই কিট উদ্ধাৰ
গুৱাহাটীত পুনৰ ব্যৱহৃত পিপিই কিট উদ্ধাৰ

গুৱাহাটী, 22 মে’: পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ ব্যৱহৃত পি পি ই কীট । শুকুৰবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ হয় পি পি কিটটো । কোনো লোকে নিশাৰ ভাগত কিটটো পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । অতি ব্যস্ততাপূৰ্ণ এলেকাটোত ব্যৱহৃত পি পি ই কিট পৰি থকা দেখি আতংকিত হৈ পৰিছে অঞ্চলবাসী । পি পি ই কিটৰ লগতে কিছু চিকিৎসাৰ সৈতে জড়িত সামগ্ৰীও প্ৰত্যক্ষ কৰে অঞ্চলবাসীয়ে । বিভাগীয় কৰ্তৃপক্ষক এই বিষয়টো অতি গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান জনাইছে সচেতন ৰাইজে ।

গুৱাহাটীত পুনৰ ব্যৱহৃত পিপিই কিট উদ্ধাৰ

আনহাতে, ছয়গাঁৱৰ ৰাজপথতো উদ্ধাৰ এটি পৰিত্যক্ত পি পি ই কিট ৷ বৃহস্পতিবাৰে ছয়গাঁৱৰ কৈমাৰীত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ হয় এই ব্যৱহৃত পি পি ই কিটটো ৷ লগে লগে ঘটনা সন্দৰ্ভত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱগত কৰে স্থানীয় ৰাইজে ৷ উক্ত পি পি ই কিটতো চিকিৎসালয়ৰ পৰা অহা এখন এম্বুলেন্সত এগৰাকী চাফাই কৰ্মীৰ দ্বাৰা চিকিৎসায়লৈ লৈ যোৱা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: ৰাজ্যত কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সংখ্যা 222 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.