ETV Bharat / state

এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক - পথ

ৰঙিয়াৰ চিৰাখুন্দি আৰু বিহাপাৰাৰ মাজেৰে যোৱা পথটোৰ দুৰাৱস্থা ৷ প্ৰায় 5 মাহ পূৰ্বে হঠাতে অহা বানৰ ফলত বিধ্বস্ত হৈ পৰা পথটোৱে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক ৷

rangia poor road condition
বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক
author img

By

Published : Dec 23, 2020, 12:16 PM IST

Updated : Dec 23, 2020, 1:01 PM IST

ৰঙিয়া,23 ডিচেম্বৰ : এতিয়াও গৰাখহনীয়াৰ প্ৰকোপৰ পৰা হাত সাৰিব পৰা নাই ৰঙিয়াবাসী ৷ 2 নং চিৰাখুন্দিত প্ৰৱল গৰাখহনীয়াৰ বাবে এটি পথৰ 90 শতাংশ‌ই জাহ গৈ বিপদ মাতি আনিছে ৰাইজৰ মাজত ।

প্ৰায় 5 মাহ পূৰ্বে হঠাতে অহা বানৰ ফলত চিৰাখুন্দি আৰু বিহাপাৰাৰ মাজেৰে যোৱা এই বিধ্বস্ত পথটোৰ বাবে ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে । লগতে ইয়াৰ কাষতে থকা কুমহা জানৰ গৰাখহনীয়াত জাহ যোৱা এই পথটোৰে ৰাইজে মৰণত শৰণ দি অতি বিপজ্জনকভাৱে চলাচল কৰি আহিছে ।

বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰঙিয়াবাসীক

30 ফুট বহল পথটো খহি গৈ এতিয়া মাত্ৰ ঠায়ে ঠায়ে মাত্ৰ দুফুট মানহে বাকী আছে । খহনীয়াত জাহ যোৱা এই পথটোৰে বিপদসংকুলভাৱে যাতায়াত কৰাৰ ফলত বহুকেইটা দুৰ্ঘটনাও সংঘটিত হৈছে ।

উপায়হীন হৈ ৰাইজে খৰালি কালত খেতি পথাৰেৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে। কিন্তু অনাগত দিনত খেতিপথাৰত খেতি চপোৱাৰ পাচত যাতায়াতৰ বাবে পথ নাথাকিব বুলি দুখ প্ৰকাশ কৰে দুৰ্ভগীয়া ৰাইজে ৷

লগতে পঢ়ক : কলগাছিয়াত ভয়াৱহ অগ্নিকাণ্ড : লক্ষাধিক টকা জুইত জাহ

Last Updated : Dec 23, 2020, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.