ৰঙিয়া, ১৩ জুন:ৰঙিয়াত মৰণফান্দলৈ পৰিৱৰ্তিত হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । ৰঙিয়াৰ চেপ্তিত নতুনকৈ নিৰ্মাণ হৈ থকা উৰণীয়া সেঁতুৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ মাজেৰে যাতায়তত ৰাইজে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ৰাষ্ট্ৰীয় ঘাইপথ হোৱা বাবে এই পথটোৰে ওচৰৰ এলেকাৰ লগতে বহিঃৰাজ্যৰ গাড়ী আৰু চুবুৰীয়া দেশ ভূটানৰ গাড়ী সমূহেও যাতায়ত কৰে । কিন্তু মূল ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ থকা বাবে বৰ্তমান বাহন সমূহ কাষৰ উপ পথেৰে যাতায়ত কৰি আছে ।
এই উপপথ দুটাৰ অৱস্থা তথৈবচ বাবে যাতায়তৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা যাত্ৰী সকলৰো যথেষ্ট অসুবিধা হৈছে। আনহাতে, ঘাইপথৰ দাঁতিত নিৰ্মাণ কৰি থকা নলা সমূহেও যাত্ৰী সকললৈ বিপদ মাতি অনাৰ সম্ভাৱনা প্ৰকট কৰিছে । নিৰ্মীয়মান অৱস্থাত থকা গভীৰ নলা সমূহ উন্মুক্ত অৱস্থাত থকা বাবে যাত্ৰী সকলৰ বাবে বিপদ সংকুল হৈ পৰিছে যাতায়ত । নিৰ্মাণ হৈ থকা নলা সমূহৰ বিভিন্ন ঠাইত লোৰ ৰড সমূহ ওলাই থকাৰ উপৰি নিৰ্মীয়মান এলেকা সমূহ মূল পথৰ পৰা পৃথক কৰি ৰাখিব লাগে যদিও প্ৰায় চৌদিশে উন্মুক্ত অৱস্থাত পৰি আছে ।
ইফালে, মূল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উপ-পথলৈ যোৱা অংশবোৰতো ঠায়ে ঠায়ে ফলক আঁৰি নিদিয়াৰ ফলত বিশেষকৈ এদিনীয়াকৈ অহা চালকসকল বিবুদ্ধিত পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ নিশাৰ ভাগত অঞ্চলটোৰ মাজেৰে যাতায়ত কৰা দুৰ্বিষহ হৈ পৰিছে চালকসকলৰ বাবে । এই সকলোবোৰ অসুবিধা থকা স্বত্তেও যাতায়ত কৰি থকাৰ মাজতে বহু কেইটা সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে । ৰাইজে ভোগ কৰি থকা এই সকলো সমস্যা সমাধানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে স্থানীয় প্ৰশাসনো দায়বদ্ধ । কিন্তু নিজৰ দায়িত্বৰ প্ৰতি যেন কাণসাৰ নোহোৱা হৈছে সকলোৰে । যেন কিছুদিন পূৰ্বে গুৱাহাটীৰ ৰাজপথত উন্মুক্ত গাঁতৰ বাবে এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাৰ দৰে দুৰ্ঘটনা সংঘটিত হ'লেহে সকলোৱে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ বাট চাই আছে ।
লগতে পঢ়ক:ULFA I cadre surrendered: ডিব্ৰুগড়ত আলফা স্বাধীনৰ চাৰ্জেণ্ট মেজৰ প্ৰিয়ব্ৰত অসমৰ আত্মসমৰ্পণ