ৰঙিয়া, 26 নৱেম্বৰঃ এখন কাঠৰ দলঙে যমৰ যাতনা দিছে ৰঙিয়াৰ নিজ বড়িগোগ আৰু কানিকুছিৰ ৰাইজক। ৰাইজৰ অভিযোগ অনুসৰি ৰঙিয়াৰ নিজ বড়িগোগ কানিকুছিৰ পৰা বালিসত্ৰ সংযোগী পথৰ মৰা নদীৰ ওপৰত থকা ভগ্ন কাঠৰ দলঙেৰে অতি বিপজ্জনকভাৱে অহা যোৱা কৰি আহিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ।
![ৰঙিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-26november-801-to-808-ptcvisbite-broken-bridge-bandana-sarma-asc10045_26112019091939_2611f_1574740179_464.jpg)
জানিব পৰা মতে, নিৰ্মাণৰ পিচতেই জহি খহি যোৱা দলংখন নিৰ্মাণৰ মাত্ৰ 3 বছৰ হৈছে। দলঙৰ মাজত ইমান বহল ফাঁকৰ সৃষ্টি হৈছে যে সৰু চাইকেল এখন কোনোমতেহে দলঙখন পাৰ হ'ব পাৰে। আনহাতে দিনৰ ভাগত দলঙখন যেনে তেনে পাৰ হ'লেও নিশা বিপদত পৰে পথচাৰী সকল। কাৰণ আন্ধাৰৰ বাবে দলঙৰ ফাঁক সমূহ একেবাৰে চকুত নপৰা হয় পৰে। ইপিনে দলঙৰ কাষত থকা ৰেলিঙ সমূহ ভাঙি যোৱাত দলঙখন আৰু বিপদজনক হৈ পৰিছে। ৰাইজে জনোৱা অনুসৰি এনেদৰে অহা যোৱা কৰোতে ইতিমধ্যে দলঙখনৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে । পিছে ভাঙি যোৱা কাঠৰ দলং খন নিৰ্মাণ কৰাটো দূৰৰে কথা মেৰামতিও কৰা নহ'ল বুলি ৰাইজে অভিযোগ কৰে । লগতে তেওঁলোকে কয় যে অতি নিম্ন মানৰ সজুলিৰে দলঙখন নিৰ্মাণ কৰাৰ বাবে দলঙখন নিৰ্মাণৰ তিনি বছৰ নৌহওতে দলঙখন ভাঙি পৰে । যাৰ বাবে মৰণত শৰণ দি অঞ্চলটোৰ সহস্ৰাধিক লোকে এই দলঙখনেৰে অতি বিপজ্জনকভাৱে যাতায়ত কৰি আহিছে। সেয়ে ৰাইজে দাবী জনাইছে যে অনতিপলমে ৰাইজৰ সুবিধাৰ্থে দলঙখন নিৰ্মাণ কৰি তোলা হয় ৷