গুৱাহাটী , 05 মে' : পুৱতি নিশা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অনা হ'ল পশ্চিম বংগত অসম আৰক্ষীৰ সতীৰ্থৰ গুলীত নিহত হোৱা দুই আৰক্ষীৰ নশ্বৰদেহ ।সতীর্থ লক্ষ্মী কান্ত বৰ্মনৰ গুলীত নিহত হৈছিল আৰক্ষী বিষয়া দুজন ৷
সতীর্থ লক্ষ্মী কান্ত বৰ্মনৰ গুলীত নিহত হৈছিল অসম আৰক্ষীৰ 7 নম্বৰ বেটেলিয়ানৰ উপ পৰিদৰ্শক নগাঁৱৰ ভোলা নাথ দাস আৰু ডিব্ৰুগড়ৰ অনিল ৰাজবংশী । পশ্চিম বংগৰ লোক সভা নিৰ্বাচনত নিৰাপত্তা ৰক্ষী হিচাপে নিয়োজিত আছিল অসম আৰক্ষীৰ 7 নম্বৰ বেটেলিয়ানৰ বহু কেইজন আৰক্ষী ৷
লগতে পঢ়ক : কি হয় এই ফেনী ?
কিন্তু হঠাৎ কিছু বাক-বিতণ্ডাত লিপ্ত হোৱাত দুয়োজনৰ ওপৰত সতীৰ্থ লক্ষ্মীকান্ত বৰ্মনে চলাইছিল 18 জাঁই গুলী । নিশা দুয়োৰে নশ্বৰ দেহ বিমানবন্দৰ আহি পোৱাৰ পাচতে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই শ্ৰদ্ধাঞ্জলি জনায় দুই আৰক্ষী বিষয়াক । পুৱতি নিশাই দুয়োৰে নশ্বৰ দেহ নিজ বাসগৃহলৈ লৈ যোৱা হয় ।