ৰঙিয়া, 6 ছেপ্তেম্বৰ : অসমত নতুনকৈ ক’ভিড নিৰ্দেশনা(SOP) জাৰি হোৱাৰ পিছত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে যদিও ৰাজ্যৰ স্থানীয় যাত্ৰীবাহী ৰে’লসমূহৰ চলাচল এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ।
স্বাভাৱিক অৱস্থাত সমগ্ৰ অসমতে প্ৰায় ৩০ খন স্থানীয় ৰে’ল চলাচল কৰে যদিও ক'ভিড 19 ৰ পৰিস্থিতি সাপেক্ষে প্ৰায় ডেৰ বছৰৰ পৰা এই ৰে’লসেৱা বন্ধ হৈ আছে । ৰে’ল বিভাগে মাজতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত কেইখনমান ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰে যদিও বৰ্তমানেও প্ৰায় আধাতকৈ বেছি সংখ্যক স্থানীয় ৰে’লৰ চলাচল বন্ধ হৈ আছে ।
বিশেষকৈ চিফুং পেছেঞ্জাৰ, নিউ বঙাইগাঁও-গুৱাহাটী পেছেঞ্জাৰ, আলিপুৰ দুৱাৰ-গুৱাহাটী পেছেঞ্জাৰ, কামাখ্যা-আলিপুৰদুৱাৰ ইণ্টাৰচিটি এক্সপ্ৰেছকে ধৰি কেইবাখনো স্থানীয় ৰে’লৰ সেৱা বন্ধ হৈ থকাৰ বাবে বিশেষকৈ নামনি অসমৰ নিতৌ যাতায়াত কৰা ৰাইজ বিশেষকৈ অসুবিধাৰ সন্মুখীন হৈছে ।
লক ডাউন শিথিল হোৱাৰ পিছতো ৰে’লসমূহ কেতিয়াৰ পৰা নিয়মীয়াকৈ চলিবলৈ আৰম্ভ হ’ব, সেই বিষয়ে সঠিকভাৱে জনাবলৈ ৰে’ল বিভাগ সাজু নহয় ৷ বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ (গ্ৰাম্য) ক ধৰি বহুকেইখন জিলাৰ লক্ষাধিক লোকৰ জীৱন প্ৰণালীৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ৰে’লসেৱা অনতিপলমে পুনৰ আৰম্ভ কৰিবলৈ দাবী জনাইছে অসম ৰে’লযাত্ৰী সংস্থাই । সংস্থাৰ সম্পাদক দীপাংকৰ শৰ্মাই টিকট ৰিজাৰ্ভ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পূৰ্বৰ দৰে টিকটৰ ব্যৱস্থা বাহাল ৰাখিবলৈ দাবী জনায় ।
লগতে পঢ়ক : সোমবাৰৰ পৰা পুনৰ প্ৰাণ পাই উঠিব ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয় সমূহে