ৰঙিয়া,২৫ জুন: কৈ থাকিলেও যেন ওৰকে নপৰে ৰাজ্যৰ বাট-পথৰ কথা । চৰকাৰে উন্নয়ণৰ জয়গান যিমানেই নাগাওক কিয় ৰাজ্যৰ একাংশ ৰাস্তা-ঘাট তথা দলঙে উদঙাইছে চৰকাৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে এখন ভগ্নপ্ৰায় দলঙে জলা-কলা খুৱাইছে ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজক । মৰণফান্দত পৰিণত হৈছে ৰঙিয়া নগৰৰ মাজ মজিয়াৰ অৰ্ধ সপ্তাহিক বজাৰলৈ যোৱা বৰলীয়া নৈৰ ওপৰত থকা কাঠৰ জৰাজীৰ্ণ দলংখন ।
মৰণত শৰণ কৰি প্ৰতিদিনে যাতায়ত কৰিছে সহস্ৰাধিক ৰাইজে । কেইবা বছৰ পূৰ্বে মেৰামতি কৰা দলংখনৰ বৰ্তমান অৱস্থা তেনেই পঁয়ালগা । অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণৰ এবছৰ পিছতে জহি-খহি গৈছিল । ঠায়ে ঠায়ে উঁৱলি যোৱা কাঠৰ ফাকেৰে কৰবাত যদি তলৰ নদীখন দেখা পোৱা যায়, কৰবাত আকৌ কাঠৰ পৰা ওলাই থকা গজালত লাগি চকাৰ পাম যোৱাৰ লগতে যাত্ৰীয়ে শৰীৰত আঘাত পোৱাৰ শংকা ঘণীভূত ।
ইয়াৰ উপৰিও দলঙখনৰ জহি-খহি যোৱা বাবে প্ৰায়েই দলঙখনত যাত্ৰীসকল দুৰ্ঘটনাগ্ৰস্ত হৈ আহিছে । কাষতেই থকা ৰঙিয়াৰ অৰ্ধ সাপ্তাহিক বজাৰখনত বজাৰ বহা দিনা কেইবা সহস্ৰাধিক লোকৰ সমাগম হয় । লগতে দলঙখনেৰে ৰঙিয়াৰ বহুকেইটা অঞ্চলৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে নিতৌ অহা যোৱা কৰে । দলঙখনৰ দুৰৱস্থাৰ বাবে বছৰ বছৰ ধৰি সকলোৱে হাতৰ মুঠিত প্ৰাণটো লৈ যাতায়ত কৰি আহিছে ।
ইফালে ৰঙিয়া লোক নিৰ্মাণ বিভাগে দুৰ্বল দলং বুলি ফলক লগাই দুয়োফালে বাহ বান্ধি দায়িত্ব সামৰিছে । উল্লেখ্য যে, কাষতে থকা অৰ্ধ সাপ্তাহিক বজাৰখনৰ পৰা ৰঙিয়া পৌৰ প্ৰশাসনে বছৰত কেইবা লক্ষাধিক টকা কৰ সংগ্ৰহ কৰে কিন্তু দলঙখন মেৰামতিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । অতি শীঘ্ৰে দলংখনৰ পকীকৰণ কৰি সকলোৰে বাবে সুবিধা কৰি দিবলৈ চৰকাৰক আহ্বান জনাই স্থানীয় ৰাইজে ।
লগতে পঢ়ক: Road accident in Majuli: মাজুলী জেংৰাইমুখত পথ দুৰ্ঘটনাত নিহত এজন