ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰঙিয়াবাসী - ৰঙিয়া

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ লগতে অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰঙিয়াবাসী । ড্ৰাগছক সমুলঞ্চে শেষ কৰিবলৈ গঠন হ'ল পশ্চিম ৰঙিয়া উদিয়ানা ড্ৰাগছ সজাগতা কমিটী ।

people come out against drugs in Rangia
ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰঙিয়াবাসী
author img

By

Published : May 30, 2021, 10:02 PM IST

ৰঙিয়া, 30 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ লগতে অন্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতে ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰঙিয়াবাসী । ড্ৰাগছক সমুলঞ্চে শেষ কৰিবলৈ গঠন হ'ল পশ্চিম ৰঙিয়া উদিয়ানা ড্ৰাগছ সজাগতা কমিটী ।

কমিটী গঠন হোৱাৰ দিনাই কমিটীৰ সদস্য সকলে ড্ৰাগছ আসক্ত যুৱক সকলক চিনাক্ত কৰি লৈ যায় চিকিৎসকৰ ওচৰত । গ্ৰাম্য স্বাস্থ্য আৰু চিকিৎসা কেন্দ্ৰৰ স্বত্বাধিকাৰী ডাঃ ইলিয়াছ ৰহমানে ড্ৰাগছ আসক্ত যুৱককসকলক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰে ।

তদুপৰি ড্ৰাগছ আসক্ত যুৱকসকলক কমিটীৰ সদস্য সকলে ড্ৰাগছৰ আসক্তিয়ে সকলোৰে জীৱনলৈ কেনেদৰে বিপদ নমাই আনিব পাৰে তাক বুজাবলৈ চেষ্টা কৰে । ইয়াৰ উপৰিও অনাগত দিনত পশ্চিম ৰঙিয়া উদিয়ানা ড্ৰাগছ সজাগতা কমিটীখনে ওচৰৰ অঞ্চলসমূহত থকা ড্ৰাগছৰ ঘাটিৰ ওপৰত নজৰ দিয়াৰ লগতে উঠি অহা নৱপ্ৰজন্মৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতী সকলক ড্ৰাগছৰ ভয়াৱহতাৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জনায় ।

উল্লেখ্য যে, ৰঙিয়াত যোৱা কিছুদিনৰ পৰা ড্ৰাগছ আসক্ত যুৱক আৰু কিশোৰ ৰাইজৰ হাতত ঠায়ে ঠায়ে ধৰাত পৰিছে । ৰাইজে কিছুমান এনে যুৱককো হাতেলোটে ধৰিছে যিয়ে ড্ৰাগছ কিনিবলৈ পইছা নথকা বাবে চুৰি কাৰ্যত লিপ্ত হৈছিল । ৰঙিয়াৰ চৌদিশে এতিয়া ড্ৰাগছ সহজলভ্য যদিও আৰক্ষী-প্ৰশাসনে ইয়াৰ বিৰুদ্ধে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: ভৰা বেঁকীৰ বুকুত জীয়াই থকাৰ সংগ্ৰাম

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.