ETV Bharat / state

স্বাধীনতাৰ ৭৪ বছৰ পিছতো এখন দলঙৰ বাবে হাহাকাৰ লৰমাবাসীৰ

author img

By

Published : Jan 8, 2022, 10:48 PM IST

উন্নত অসমৰ অনুন্নত ৰূপ ৷ অন্যান্য সা-সুবিধা বাদেই, এখন দলং বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে ৰঙিয়াৰ লৰমা-গৌৰহাটীবাসী ৰাইজে ৷ বাঁহৰ দলঙেৰে (dilapidated condition of bamboo bridge in Rangia) যাতায়াত অব্যাহত ৰাখিছে বৃহত্তৰ অঞ্চলৰ ৰাইজে ৷

bridge
বিকশিত অসমৰ আন এক পুতৌ লগা ছবি

ৰঙিয়া, 8 জানুৱাৰী : বিকশিত অসমৰ আন এক পুতৌ লগা ছবি । স্বাধীনতাৰ ৭৪ বছৰ পিছতো এখন দলঙৰ বাবে হাহাকাৰ কৰিবলগীয়া ৰঙিয়াৰ লৰমা-গৌৰহাটীৰ ৰাইজে । ৰঙিয়া, হাজো আৰু নলবাৰী সমষ্টিৰ সহস্ৰাধিক ৰাইজে বৰলীয়া নদীত থকা এখন বাঁহৰ দলঙেৰে অতি বিপজ্জনকভাৱে যাতায়াত কৰি আহিছে ৷ খৰালি কালত কেইজনমান স্থানীয় যুৱকে সাজি উলিওৱা বাঁহৰ দুৰ্বল দলং খনেৰে নৈখনৰ ওপৰেৰে যাতায়ত কৰিব লগীয়া হৈছে সেই অঞ্চল সমূহৰ ৰাইজে ৷

বিকশিত অসমৰ আন এক পুতৌ লগা ছবি

প্ৰায় 50 খনৰো অধিক গাঁৱৰ ৰাইজৰ দৈনিক ব্যৱহাৰ্য এই বাঁহৰ দলংখন । ইফালে ভৰ বাৰিষা কালত সাঁকোখন উটি যায় বাবে অঞ্চলটোৰ ৰাইজে প্ৰায় 10-12 কিলোমিটাৰ পথ অতিৰিক্তভাৱে যাতায়ত কৰিব লগীয়া হয় ।

কান্ধত চাইকেল লৈ এই বাঁহৰ সাঁকোৰে সাধাৰণ লোকৰ লগতে স্কুলীয়া ল'ৰা-ছোৱালীয়ে অতি বিপজ্জনকভাৱে যাতায়ত কৰে (Poor condition of bamboo bridge at Lorma in Rangia ) । এখন পকী দলঙৰ অভাৱত সেই স্থানত বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । ইয়াৰ উপৰিও চিকিৎসাৰ জৰুৰীকালীন সেৱাসমূহৰ বাবে কোনোধৰণৰ এম্বুলেঞ্চ সেৱাৰ বাহন অঞ্চলটোলৈ যাব নোৱাৰে । ৰাইজে ঠেলাৰে ৰোগী কঢ়িয়াই আনি কলৰ ভূৰেৰে নৈ পাৰ কৰাব লগীয়া দুখঃজনক ছবি আজিও দেখা পোৱা যায় লৰমাত ৷

লগতে পঢ়ক : চাৰিবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব মাজুলী-যোৰহাট সংযোগী দলং!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.