ETV Bharat / state

দুই বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90 উৰ্দ্ধৰ আইতাৰ দুৰ্বিসহ জীৱন কাহিনী

চৰকাৰী আঁচনি আছে ঠিকেই ! কিন্তু বহু সময়ত এই আঁচনিৰ পৰা বঞ্চিত হৈ থাকে প্ৰকৃত হিতাধিকাৰী ৷ ইয়াৰেই যেন জলন্ত উদাহৰণ বহন কৰিছে ৰঙিয়াৰ ঢোলকুছিৰ বৃদ্ধা ৰাধিকা দাসৰ পৰিয়ালে ৷

pathetic condiotion of a family in rangia

author img

By

Published : May 8, 2020, 11:12 AM IST

ৰঙিয়া, 8 মে': 90ৰ দেওনা পাৰ কৰা ৰঙিয়া ঢোলকুছিৰ এগৰাকী বৃদ্ধা ৷ ৰাধিকা দাস নামৰ বৃদ্ধা গৰাকীৰ আছে পমিলা দাস (৬৫) আৰু ধৰ্মী দাস (৪৫) নামৰ দুগৰাকী বিশেষভাৱে সক্ষম জীয়ৰী ৷ ইতিমধ্যেই পুত্ৰ আৰু বোৱাৰীয়েও মৃত্যুক সাৱটি লৈছে বৃদ্ধা গৰাকীৰ ৷ লক্ ডাউনৰ বাবে কাণেৰে নুশুনা আৰু কথা ক'ব নোৱাৰা দুয়োগৰাকী জীয়ৰীৰ সৈতে, বৃদ্ধাগৰাকীৰ পৰিয়াললৈ নামি আহিছে দুৰ্যোগ ৷ লক্ ডাউনৰ সময়ত এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷

দুগৰাকী বিশেষভাৱে সক্ষম জীয়ৰীৰ সৈতে 90ৰ দেওনা পাৰ কৰা এগৰাকী বৃদ্ধা

পূৰ্বতে বিশেষভাৱে সক্ষম সকলৰ আৰ্থিক সাহায্যৰ বাবে কেইবাবাৰো আবেদন কৰিছিল যদিও, আজিলৈ কোনো ধৰণৰ সহায় নাপালে বৃদ্ধা গৰাকীৰ জীয়ৰী দুগৰাকীয়ে ৷ আনহাতে আজিলৈ চৰকাৰৰ আন কোনো আঁচনিৰ সুবিধাৰো মুখ নেদেখিলে দৰিদ্ৰ পৰিয়ালটোৱে ৷ ইয়াৰোপৰি অসুস্থ হৈ পৰা ৰাধিকা দাসৰ চিকিৎসাৰো কোনো সুবিধা পোৱা নাই এই পৰ্যন্ত ৷ গাঁৱৰ মানুহৰ ঘৰত কাম কৰি কোনোমতে পেট প্ৰৱৰ্তোৱা পৰিয়ালটোৰ অৱস্থা বৰ্তমান অতি শোচনীয় হৈ পৰিছে ৷

লগতে পঢ়কঃ লক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ বাদ্যযন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.