ETV Bharat / state

দুই দিব‍্যাংগ সন্তানক লৈ অসহায় পিতৃ-মাতৃৰ হাহাকাৰ - লক ডাউন

পূৱ সাহানৰ ই-ৰিক্সা চালক তৌফিকুৰ ৰহমানৰ আছে এটি ১২ বছৰীয়া আৰু এটি ৬ বছৰীয়া সন্তান । দুৰ্ভাগ্যৰ কথা যে, ডাঙৰ সন্তানটোৰ হাত দুখন সকলো সময়তে বান্ধি থ’ব লগা হয় ৷ হাত নাবান্ধিলে হাতত কামুৰি নিজেই নিজক কৰে আহত । আজিলৈকে পিতৃ মাতৃয়ে এই দিব্যাংগ সন্তান দুটিৰ বাবে লাভ কৰা নাই কোনোধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা ।

need for help
need for help
author img

By

Published : Sep 8, 2020, 2:18 PM IST

ৰঙিয়া, 8 ছেপ্টেম্বৰ : উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৰঙিয়াৰ পূৱ সাহানৰ এটি দৰিদ্ৰ পৰিয়ালৰ দুই দিব্যাংগ পুত্ৰ সন্তানে । ধনৰ অভাৱত সন্তান দুটিৰ উন্নত চিকিৎসা কৰিব নোৱাৰি হতাশ হৈ পৰিছে অসহায় পৰিয়ালটো । পূৱ সাহানৰ ই-ৰিক্সা চালক তৌফিকুৰ ৰহমানৰ আছে এটি ১২ বছৰীয়া আৰু এটি ৬ বছৰীয়া সন্তান । দুৰ্ভাগ্যৰ কথা যে, ডাঙৰ সন্তানটোৰ হাত দুখন বান্ধি থ’ব লগা হয় সকলো সময়তে ৷ হাত নাবান্ধিলে হাতত কামুৰি নিজেই নিজক কৰে আহত ।

দুই দিব‍্যাংগ সন্তানক লৈ অসহায় পিতৃ-মাতৃৰ হাহাকাৰ

ইতিমধ্যে মাতৃয়ে সন্তানৰ চিকিৎসাৰ নামত সোণৰ আ-অলংকাৰ বিক্ৰী কৰাৰ লগতে সুদত ধনলৈ হৈছে সৰ্বস্বান্ত । ইফালে দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে আৰ্থিকভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে এই দৰিদ্ৰ পৰিয়ালটো । এসাঁজ খালে আন এসাঁজৰ চিন্তা কৰিব লগা হৈছে এই দুখীয়া পৰিয়ালটোৱে । আনহাতে পিতৃ মাতৃয়ে আজিলৈকে কোনোধৰণৰ চৰকাৰী আঁচনি লাভ কৰা নাই এই দিব্যাংগ সন্তান দুটিৰ বাবে । নলবাৰীৰ এজন ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ প্ৰলোভন দি এহাজাৰ টকা সৰকাই নিয়া বুলিহে জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ।

আৰ্থিক দৈনতাৰে পিষ্ট পৰিয়ালটোৱে দিব্যাংগ সন্তান দুটাৰ উন্নত চিকিৎসা কৰিব নোৱাৰি অসহায় হৈ পৰিছে । দিব্যাংগৰ বাবে থকা আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰক আহ্বান জনাইছে । লগতে কোনো সুহৃদ ব্যক্তি অথবা দল-সংগঠনে সহায় কৰিব বিচাৰিলে চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ 3293343940 নম্বৰ একাউণ্টত (IFSC code - CBINO283593) ধন আগবঢ়াব পাৰে অথবা 8486066102 নম্বৰত যোগাযোগ কৰিব পাৰে ।

লগতে পঢ়ক : বুঢ়াচাপৰি অভয়াৰণ্যলৈ তীব্ৰ ভাবুকি নমাইছে লুইতৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.